/asomiyapratidin/media/media_files/2025/07/22/creta-22-2025-07-22-12-37-58.jpg)
ডিজিটেল ডেস্কঃ২০১৫ চনৰ জুলাই মাহত হুণ্ডাইয়ে বজাৰত মুকলি কৰিছিল মধ্যম আকাৰৰ এছ ইউ ভি ক্ৰেটা। চলিত ২০২৫ চনত এই বাহনখনে ভাৰতীয় বজাৰত ১০ বছৰ সম্পূৰ্ণ কৰিছে।
সেই উপলক্ষে হুণ্ডাইে ক্ৰেটাৰ দশম বৰ্ষপূৰ্তি উদযাপন কৰিছে। মন কৰিবলগীয়া যে ২০২৫ চনৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত ভাৰতৰ বেষ্ট চেলাৰ এছ ইউ ভি হিচাপে চিহ্নীত হৈছে হুণ্ডাইৰ ক্ৰেটা বাহনখন।
এই ছমাহৰ ভিতৰত তিনিমাহতে সামগ্ৰিকভাৱে বাহনৰ বিক্ৰীৰ শীৰ্ষস্থান দখল কৰিছিল ক্ৰেটাই। উল্লেখ্য যে, ২০১৫ চনত ভাৰতীয় বজাৰত মুকলি কৰাৰ পিছত ২০১৬ ত ক্ৰেটাৰ বিক্ৰী আছিল ৯২,৯২৬ ইউনিট। সেই সংখ্যা ২০২৪ চনত বৃদ্ধি হৈছে ১,৮৬,৯১৯ ইউনিটলৈ।
উল্লেখ্য যে ক্ৰেটা বাহনখন পেট্ৰ'ল, ডিজেল, টাৰ্বো-পেট্ৰল আৰু ইলেক্ট্ৰিক পাৱাৰট্ৰেইন বিকল্প প্ৰদান কৰা হৈছে। বাহনখন মেনুৱেল আৰু অটোমেটিক এই দুয়োটা ট্ৰেন্সমিছনৰ সৈতে উপলব্ধ।
হুণ্ডাইয়ে ভাৰতত নিৰ্মিত ক্ৰেটাৰ এই মডেল ১৩খন দেশলৈ ৰপ্তানি কৰি আহিছে। তেওঁলোকে জনোৱা মতে এতিয়ালৈকে ২.৮৭ লাখতকৈ অধিক ইউনিট বিদেশলৈ প্ৰেৰণ কৰা হৈছে।
হুণ্ডাইয়ে গ্ৰাহক আকৰ্ষণ কৰিবলৈ বাহনখনৰ নাইট আৰু এডভেঞ্চাৰৰ দৰে বিশেষ সংস্কৰণ মুকলি কৰিছে। ২০১৫ চনত “পাৰফেক্ট এছ ইউ ভি” হিচাপে আত্মপ্ৰকাশ কৰা এই বাহখনে ২০২৪ চনত “দ্য আনডিস্পিটেড আলটিমেট এছ ইউ ভি”লৈ নিজকে উন্নীত কৰিছে।