পেলনীয়া প্লাষ্টিকৰ পৰা পেট্ৰ’ল! মূল্য মাত্ৰ ৪০ টকা…

পেলনীয়া প্লাষ্টিকৰ পৰা পেট্ৰ’ল! মূল্য মাত্ৰ ৪০ টকা…

author-image
asomiyapratidin
New Update
পেলনীয়া প্লাষ্টিকৰ পৰা পেট্ৰ’ল! মূল্য মাত্ৰ ৪০ টকা…

ডিজিটেল ডেস্কঃ বৰ্তমানৰ আধুনিক যুগত তথ্য-প্ৰযুক্তিৰ লগতে মানুহৰ জীৱনো প্ৰতিদিনে সলনি হ'বলৈ ধৰিছে। কিন্তু তথ্য-প্ৰযুক্তি উন্নত কৰাৰ লগতে পৰিৱেশৰ প্ৰতিও সজাগ হোৱাতো বাৰুকৈ প্ৰয়োজনীয়। প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে পেলনীয়া প্লাষ্টিক আদি পুনৰ ব্যৱহাৰৰ বাবে উপযোগী কৰা হয়। তদুপৰি সেই প্লাষ্টিকসমূহৰ পৰা বহু উপযোগী সামগ্ৰীও তৈয়াৰ কৰিব পাৰি। অৱশ্যে প্লাষ্টিকৰ পৰা এইবাৰ প্ৰস্তুত কৰা হয় পেট্ৰ'ল।

Advertisment

দৰাচলতে হায়দৰাবাদৰ ৪৫ বছৰ বয়সীয়া অধ্যাপক সতীশ কুমাৰে প্লাষ্টিকৰ পৰাবনাইছে পেট্ৰ'ল। প্লাষ্টিকৰ পৰা পেট্ৰ'ল প্ৰস্তুত কৰা এই কাৰ্যক তেওঁ পায়ৰোলিছিচনাম দিছে। অধ্যাপক কুমাৰে হাইড্ৰ'ক্সী প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী নিৰ্মাণকৰিছে। তেওঁ লগতে জনায় যে পায়ৰোলিছিচ প্ৰক্ৰিয়াৰ জৰিয়তে প্লাষ্টিকৰ পৰা পেট্ৰ'লৰলগতে ডিজেল আৰু এৱিয়েশ্যন ইন্ধনো প্ৰস্তুত কৰিব পাৰি।

অধ্যাপকগৰাকীয়ে কয়- প্ৰায় ৫০০ কিঃগ্ৰাঃ পেলনীয়া প্লাষ্টিকেৰে ৪০০লিটাৰ ইন্ধন উৎপাদন কৰিব পৰা যায়। এই প্ৰক্ৰিয়াত বায়ু প্ৰদূষণৰো কোনো ভয় নাই বুলিজনায় তেওঁ। উল্লেখ্য যে, সতীশ কুমাৰে ২০১৬চনৰ পৰা বৰ্তমানলৈ প্ৰায় ৫০ টনপ্লাষ্টিকৰ পৰা পেট্ৰ'ল প্ৰস্তুত কৰিছে। তেওঁৰ এই কোম্পানীটোৱে প্ৰতিদিনে ২০০কিলোগ্ৰাম প্লাষ্টিকৰ পৰা ২০০ লিটাৰ পেট্ৰ'ল প্ৰস্তুত কৰে। আৰু প্ৰতিলিটাৰপেট্ৰ'লৰ মূল্য স্থানীয় লোকে ৪০ৰ পৰা ৫০ টকাতে লাভ কৰে। অৱশ্যে এই পেট্ৰ'লৰ প্ৰয়োগবাহনত কৰিব পাৰিব নে নোৱাৰে সেয়া বৰ্তমানলৈ পৰীক্ষা কৰা হোৱা নাই।