নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত ধুবুৰীত গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীৰ স্বামীক গ্ৰেপ্তাৰ

ধুবুৰীৰ ৭০ নং ভাষাণীৰ চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং আয়ৰণ জংলা ৩য় খণ্ড(গ) ৰ গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ৰাছিদা খাতুনৰ স্বামী নুৰ আলম সেখক নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

author-image
Asomiya Pratidin
New Update
নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ

নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, ধুবুৰীঃ পঞ্চায়ত নিৰ্বাচনক লৈ চৌদিশে নিৰ্বাচনী বতাহ। ইয়াৰ মাজতে আজি ধুবুৰীৰ ৭০ নং ভাষাণীৰ চৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং আয়ৰণ জংলা ৩য় খণ্ড(গ) ৰ গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ৰাছিদা খাতুনৰ স্বামী নুৰ আলম সেখক নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 

ধৃত নুৰ আলম সেখৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত পূৰ্বেও গোচৰ ৰুজু হৈ আছিল। দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি ধুবুৰীত নিচাজাতীয় সামগ্ৰীৰ এক বিশাল নেটৱৰ্ক গঢ়ি তুলিছিল নুৰ আলম সেখে। 

ইপিনে, পঞ্চায়ত নিৰ্বাচন উপলক্ষে ধুবুৰী জিলা প্ৰশাসনে সুস্থ আৰু নিকাভাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰচেষ্টা চলাই থকাৰ সময়তে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লোৱা প্ৰাৰ্থীৰ স্বামী গ্ৰেপ্তাৰ হোৱা কাৰ্যত জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

পঞ্চায়ত নিৰ্বাচন ধুবুৰী