/asomiyapratidin/media/media_files/2025/01/23/6BA9W3PsV14mPTeT3ZfW.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰঃ পোহনীয়া পশুধনৰ পি পি আৰ নামৰ এক সোঁচৰা বেমাৰে নগাঁৱৰ বৰবাৰী অঞ্চলৰ পশুপালকৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই সোঁচৰা বেমাৰত আক্ৰান্ত হৈ দৈনিক বহু পোহনীয়া ছাগলীৰ মৃত্যু হোৱাৰ খবৰে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, চহা লোকেৰে পৰিপূৰ্ণ বৰবাৰী অঞ্চলটো কৃষিনিৰ্ভৰশীল অঞ্চল হোৱাৰ লগতে পশুপালকেৰে ভৰি থকা এটা অঞ্চল। প্রায় ঘৰে ঘৰে আছে পোহনীয়া গৰু-ছাগলী । গৰু, ম'হ, ছাগলী পালন কৰি বহুতে পৰিয়াল পোহপাল দি আছে। কিন্তু আজি কিছুদিনৰ পৰা অঞ্চলটোত ছাগলীবোৰ এক সোঁচৰা বেমাৰত আক্ৰান্ত হৈছে।
নিশাটোৰ ভিতৰতেই আক্রান্ত হয় বহু ছাগলী। বিশেষকৈ বৃহত্তৰ বৰবাৰী অঞ্চলৰ কুৰুৱাবাহী গাঁৱৰ উমা গগৈ, ভৱানী ফুকন , জিতুষ্ণা ফুকন, বিপুল গগৈ , থানেশ্বৰ গগৈ , শৰৎ ফুকন, পাপু গগৈ, ঋতু ফুকন, পূজা বসুমতাৰী আদি লোককেইজনৰ লগতে বহুলোকৰ ইতিমধ্যে ১০ৰ পৰা ১৫ টাকৈ ছাগলী এই ৰোগত আক্রান্ত হৈ মৃত্যু হৈছে ।
তেওঁলোকে জানিবলৈ দিয়া মতে উক্ত অঞ্চলটোৰ পৰা বহু দূৰত বঢ়মপুৰ চৰকাৰী পশু চিকিৎসালয়খন আছে যদিও পশুপালন বিভাগৰ পৰা ইতিবাচক সঁহাৰি নাপাই এতিয়া নিজৰ পোহনীয়া ছাগলীবোৰ চকুৰ সন্মুখতে মৃত্যু হোৱা দেখি গাঁওখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । এই বিপর্যয়ৰ সম্মুখীন হোৱা কৃষক তথা পশুপালকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈও স্থানীয় লোকে দাবী উত্থাপন কৰিছে।