/asomiyapratidin/media/media_files/2025/04/15/HYshVkoRisBSZs6J7XBp.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : ব'হাগত বিহুৰ ৰং সানিবলে, গৃহস্থক মূৰৰ চুলি চিগি আশীৰ্বাদ দিবলৈ আহিল হুঁচৰি দল। হেঁপাহৰ ব'হাগ বিহুৰ এক অন্যতম পৰম্পৰা হৈছে হুঁচৰি।
গাঁৱৰ ৰাইজে সাত বিহুত গৃহস্থৰ চোতালে চোতালে গৈ পৰিবেশন কৰা মনোমোহা সাতামপুৰুষীয়া সাংস্কৃতিক পৰম্পৰা হৈছে হুঁচৰি। এই সংস্কৃতি জীয়াই ৰাখিবলৈ ব'হাগৰ প্ৰথমটো দিনটোত বটদ্ৰৱাৰ ৰাইদঙীয়া নাহৰহটীয়া গাঁৱৰ মহিলাসকল ওলাই আহিল হুঁচৰি গাবলৈ।
ৰাইডঙীয়া গাঁৱৰ মহিলা সকলে গৃহস্থৰ চোতালত পৰিবেশন কৰা অনুপম হুঁচৰি সংস্কৃতিয়ে নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। শেষত সকলোৱে বছৰটোৰ কুশল মংগল কামনা কৰি আশীৰ্বাদ প্ৰদান কৰে।