/asomiyapratidin/media/media_files/2024/12/12/HDG9u1e92mTPGsW4Yzl3.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: গোলাঘাট জিলাৰ নুমলীগড়, কৌৱানী, মুৰফুলনী আদি অঞ্চলত এতিয়া বন্যহস্তী আৰু মানুহৰ সংঘাত নহয়, বনহস্তীৰ সৈতে ধাননি পথাৰত দাৱনীৰ সহাৱস্থান। দাৱনী ব্যস্ত ধান চপোৱাত আৰু নাতিদুৰৈত বন্যহস্তীৰ বিচৰণ।
বৰ্তমানে পকা ধান চপোৱাত ব্যস্ত কৃষক। সমান্তৰালভাৱে পকা ধাননি পথাৰত বন্যহস্তীৰ বিচৰণ। একেখন পথাৰতে এফালে দাৱনীয়ে কাটি আছে ধান আনফালে বন্যহস্তীয়েও খাই আছে পকা ধান। কোনেও কাকো আমনি কৰা নাই।
অন্যহাতে কিছুদিন পূৰ্বে হাতী-মানুহৰ সহাৱস্থানৰ অনুৰূপ দৃশ্য বন্দী হৈছিল কেমেৰাত। য'ত নিজ ঘৰৰ চোতালত তাঁত বোৱাত ব্যস্ত কেইগৰাকীমান শিপিনী আৰু কাষেৰে পাৰ হৈ গৈছে এদল বন্যহস্তী। এয়াই এতিয়া নুমলীগড়, বৃহত্তৰ মৰঙি মৌজাৰ চিৰপৰিচিত ছবি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us