Advertisment

'মানৱীয় ভুল'ৰ বাবে সংঘটিত হৈছিল দুৰ্ঘটনা!

বিপিন ৰাৱট আৰু পত্নী মধুলিকা ৰাৱটৰ৷ সংসদীয় পেনেলৰ এক প্ৰতিবেদনত প্ৰদান কৰা তথ্য অনুসৰি, সেইদিনা সংঘটিত হোৱা দুৰ্ঘটনাৰ আঁৰৰ কাৰণ আছিল 'মানৱীয় ভুল'।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
f

ডিজিটেল ডেস্কঃ  প্ৰতিকুল বতৰ বা যান্ত্ৰিক বিজুতি নহয়, পাইলটৰ ভুলৰ বাবেই মৃত্যু হৈছিল দেশৰ প্ৰথমগৰাকী CDS জেনেৰেল বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ ৷ সংসদীয় পেনেলৰ এক প্ৰতিবেদনত প্ৰদান কৰা তথ্য অনুসৰি, সেইদিনা সংঘটিত হোৱা দুৰ্ঘটনাৰ আঁৰৰ কাৰণ আছিল 'মানৱীয় ভুল'।

Advertisment

উল্লেখ্য যে, ২০২১ চনৰ ৮ ডিচেম্বৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল Mi-17 V5 হেলিকপ্টাৰখন। এই দুৰ্ঘটনাত বিপিন ৰাৱটসহ ১২ গৰাকী লোকৰ মৃত্যু হৈছিল ৷ উক্ত ঘটনা সন্দৰ্ভত শেহতীয়াকৈ বায়ুসেনাই গঠন কৰা তদন্ত সমিতিয়ে ৮ ডিচেম্বৰত সংসদত এক তথ্য দাঙি ধৰে ৷  এই তথ্যত দুৰ্ঘটনাটোৰ আঁৰৰ কাৰণ মানৱীয় ক্ৰুটি বুলি উল্লেখ কৰিছে।

মঙলবাৰে সংসদত উত্থাপন কৰা প্ৰতিবেদনত, প্ৰতিৰক্ষা সম্পৰ্কীয় স্থায়ী সমিতিয়ে ত্ৰয়োদশ প্ৰতিৰক্ষা পৰিকল্পনাৰ সময়ছোৱাত ভাৰতীয় বায়ু সেনাৰ বিমানৰ সৈতে সংঘটিত দুৰ্ঘটনাৰ সংখ্যাৰ তথ্য প্ৰকাশ কৰে। প্ৰতিবেদন অনুসৰি ২০১৭ চনৰ পৰা ২০২২ চনলৈ মুঠ ৩৪টা দুৰ্ঘটনা সংঘটিত হৈছিল।

প্ৰতিবেদনত এয়াও প্ৰকাশ পাইছে যে উল্লেখিত সময়ছোৱাৰ সকলোবোৰ ঘটনা মানৱীয় ক্ৰুটিৰ বাবে সংঘটিত হৈছে। জেনেৰেল ৰাৱাটৰ হেলিকপ্টাৰখন তামিলনাডুৰ কুনুৰৰ ওচৰৰ এখন পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তিনি বছৰৰ পিছত, প্ৰতিৰক্ষা সম্পৰ্কীয় স্থায়ী সমিতিৰ প্ৰতিবেদনখন লোকসভাত উত্থাপন কৰে।

উল্লেখযোগ্য যে, ২০২১ চনৰ ৮ ডিচেম্বৰত তামিলনাডুৰ নীলগিৰি পাহাৰৰ অৰণ্যৰ মাজত হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। এই ঘটনাত শোকস্তব্ধ হৈ পৰিছিল  দেশবাসী। ভাৰতীয় প্ৰতিৰক্ষা সেৱাত তেওঁৰ পৰিয়ালৰ পূৰ্বৰে পৰা অৱদান আছিল। ৰাৱাটৰ পূৰ্বৰ তিনি প্ৰজন্মই ইতিমধ্যে দেশৰ বাবে সেৱা আগবঢ়াইছিল।

 

বিপিন ৰাৱট