ইতিহাস সোঁৱৰি কোকৰাঝাৰত পালন হ’ল ‘হুল দিৱস’...

আজি হুল দিৱস উপলক্ষে সদৌ চাওঁতাল ছাত্ৰ সন্থাই আন বহুকেইটা চাওঁতাল জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত কোকৰাঝাৰ জিলাৰ বিছমুৰীৰ জয়পুৰ খেলপথাৰত অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় চাওঁতাল জাতীয় সংহতি

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, কোকৰাঝাৰ: ১৮৫৫ চনত বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে চিপাহী বিদ্ৰোহৰ পূৰ্বেই ভাৰতৰ অন্যতম প্ৰাচীন তথা বৃহৎ জনগোষ্ঠী চাওঁতাল সকলে স্ব-অধিকাৰ বাবে তথা জমিদাৰী প্ৰথা, কৰ আৰোপৰ বিৰুদ্ধাচৰণ কৰি সাম্ৰাজ্যবাদী বৃটিছৰ বিৰুদ্ধে আৰম্ভ কৰিছিল বিদ্ৰোহ। যি বিদ্ৰোহ চাওঁতাল বিদ্ৰোহ তথা হুল দিৱস বুলি কোৱা হয়।

Advertisment

উক্ত বিদ্ৰোহত ২০০০ তকৈও অধিক লোকৰ মৃত্যু হৈছিল। ঝাৰখণ্ডৰ সিদ্ধু, কানু মুৰ্মু আৰু চান্দ-ভৈৰৱৰ নেতৃত্ব ১৮৫৫ চনৰ ৩০ জুনত এই বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল আৰু প্ৰায় ৪০০ খন গাঁ‌ৱৰ ৫০ হাজাৰৰো অধিক মানুহে অংশগ্ৰহণ কৰিছিল। এই বৃহৎ আন্দোলন সূচনা হোৱা ৩০ জুনৰ দিনটোকে চাওঁতাল সকলে হুল দিৱস হিচাপে পালন কৰি আহিছে।

সাম্ৰাজ্যবাদী বৃটিছে অতি কঠোৰ আৰু নিৰ্মম ভাৱে এই বিদ্ৰোহ দমন কৰিছিল আৰু বনাঞ্চলত আত্মগোপন কৰি বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰা সিদ্বু আৰু কানু মুৰ্মুক বৃটিছে ষড়যন্ত্ৰৰে কৰায়ত্ত কৰি পৰৱৰ্তী সময়ত হত্যা কৰিছিল। একেদৰে চান্দ আৰু ভৈৰৱ বৃটিছৰ গুলীত ছহিদ হৈছিল।

আজি হুল দিৱস উপলক্ষে সদৌ চাওঁতাল ছাত্ৰ সন্থাই আন বহুকেইটা চাওঁতাল জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত কোকৰাঝাৰ জিলাৰ বিছমুৰীৰ জয়পুৰ খেলপথাৰত অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় চাওঁতাল জাতীয় সংহতি (হুল দিৱস)। পুৱা প্ৰায় ৯:০০ বজাত চাওঁতাল জনগোষ্ঠীয় দল-সংগঠনৰ পতাকা উত্তোলনৰ পিছত কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পন অনুষ্ঠান অনুষ্ঠিত হয়।

ইয়াৰ পাছতে দিনৰ ১.০০ বজাৰ পৰা ৰবিন চোৰেনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা আছাৰ সভাপতি পল টুডুৱে অতিথি চিনাকী পৰ্ব অনুষ্ঠান পৰিচালিত কৰে। ছাকাৰিয়াছ সোৰেন আদৰণি ভাষন প্ৰদান কৰে আৰু উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে সমাজকৰ্মী তথা উত্তৰ-পূৱৰ এআৰএচপিৰ মুখ্য নীতিশ ৰঞ্জন দাস উপস্থিত থাকে। 

মুখ্য অতিথিৰ ভাষণত নীতিশ ৰঞ্জন দাসে কয় যে বিজেপি চৰকাৰ আদিবাসীসকলক সন্মান আৰু মৰ্যদা প্ৰদান কৰি আহিছে।  ভাৰতৰ ৰাষ্ট্ৰপতিৰ দৰে উচ্চ আসনত আদিৱাসীক অধিষ্ঠিত কৰিছে। অসমত ঝুমুইৰ নৃত্য প্ৰদৰ্শনেৰে আদিবাসী নৃত্যক আন্ত:ৰাষ্ট্ৰীয় দৰবাৰত প্ৰতিষ্ঠা কৰা হৈছে। আদিবাসীসকলৰ বহু সমস্যা সমাধান কৰিবলৈ এতিয়াও বাকী আৰু ইয়াৰ ভিতৰত জনজাতিৰ মৰ্যদাকৰণ অন্যতম বুলি বিবেচিত হৈছে। মুখ্য অতিথিৰ ভাষণত নীতিশ ৰঞ্জন দাসে অসমৰ আদিবাসীসকলক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।

ইপিনে বিশেষ অতিথিৰ ভাষনত আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কীয়ে কয় যে ১৮৫৫ চনতে আদিবাসীসকল সুসংগঠিত আৰু একত্ৰিত হৈছিল । সমস্যাসমুহ সমাধানৰ বাবে একত্ৰিত হবই লাগিব বুলি সুভাষ তিৰ্কীয়ে বক্তব্য প্ৰদান কৰি সমস্যাসমুহ সমাধানৰ বাবে আদিবাসী চুক্তি কৰা হৈছে।

সমস্যা সমাধানৰ বাবে আদিবাসী চুক্তি স্বাক্ষৰ কৰা হৈছিল আৰু এতিয়া আদিবাসী চুক্তি ৰূপায়ন হলেই বহু সমস্যাৰ সমাধান হ'ব বুলি মন্তব্য কৰি সুভাষ তিৰ্কীয়ে চৰকাৰক সহযোগিতা কৰি আদিবাসী চুক্তি ৰূপায়নৰ পোষকতা কৰে । ইপিনে আছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজেন হৰো আৰু সাধাৰণ সম্পাদক দেবেন ওৰাঙে হুল দিৱসক ৰাষ্ট্ৰীয় গৌৰৱ দিৱস হিচাপে ৰাষ্ট্ৰজুৰি পালন কৰাৰ পোষকতা কৰিছে।

 তদুপৰি আদিবাসীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাক সমালোচনা কৰি চৰকাৰী চাকৰিত পৃথক সংৰক্ষণৰ ব্যৱস্থাৰ দাবী উত্থাপন কৰাৰ লগতে শীঘ্ৰেই জনজাতিকৰণ দাবী উত্থাপন কৰে। আজিৰ মুকলি সভাত আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাসদা, আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহী পাৰিষদসকল, বিধায়ক লৰেঞ্চ ইছলাৰী, নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।

কোকৰাঝাৰ