শিলচৰত বুজণ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ : নগাঁৱৰ দুজনক আটক

গোপন তথ্যৰ ভিত্তিত শিলচৰ সদৰ থানাৰ টি এচ আই সুভজিত দত্তৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শিলচৰ ৰেল ষ্টেচনৰ ওচৰত অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
শিলচৰত বুজণ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ : নগাঁৱৰ দুজনক আটক

ডিজিটেল সংবাদ শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ অৱ্যাহত আছে ধাৰাবাহিক অভিযান । গোপন তথ্যৰ ভিত্তিত শিলচৰ সদৰ থানাৰ টি এচ আই সুভজিত দত্তৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শিলচৰ ৰেল ষ্টেচনৰ ওচৰত অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

Advertisment

এই অভিযানত তেওঁলোকৰ পৰা হেৰ'ইন ভৰ্তি পাঁচটা চাবোনৰ বাকচ জব্দ কৰে । বাকচকেইটাৰ পৰা ৫৮ গ্ৰাম হেৰ'ইন  জব্দ কৰে আৰক্ষীয়ে ।

জব্দ কৰা হেৰ'ইনৰ মুল্য প্ৰায় ২৯ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোক দুজন নগাঁও জিলাৰ ৰূপহী টেলিহাৰ আবালুৰ ৰেহমান আৰু জিন্নাত আলী। বৰ্তমান শিলচৰ সদৰ থানাত জেৰা অব্যাহত ড্ৰাগছ সৰবৰাহকাৰীদ্বয়ক।  

Silchar