/asomiyapratidin/media/media_files/2024/12/14/Ix2yjQwMo04SwMtLPaih.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অবৈধ মাৰণাস্ত্ৰৰ সমান্তৰালভাৱে অশান্তজৰ্জৰ মণিপুৰত এইবাৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান। শুকুৰবাৰে সেনাপতি জিলাৰ খাবুং কাৰোঙৰ এলেকাৰ চিফাওদৈ গাঁৱত অভিযান চলাই বুজণ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে।
এন ছ’হৰী নামৰ এগৰাকী মহিলাৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে ১৫০টা ব্ৰাউন চুগাৰভৰ্তি চাবোনৰ বাকচ জব্দ কৰে । বাকচ কেইটাৰ পৰা মুঠ ৫.৮৭ কিলোগ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হয় বুলি আৰক্ষীয়ে ভাষ্য প্ৰদান কৰে।
জব্দকৃত ব্ৰাউন চুগাৰৰ মুল্য কেইবা কোটি টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে। ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকা আন চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁলোকৰ নাম হৈছে- খোভি, ৰাইভিখো, লভি আৰু ভেইপৌখো বুলি সদৰী কৰিছে আৰক্ষীয়ে।