/asomiyapratidin/media/media_files/2025/03/20/omLFb8IC3wKR0m6qvH9w.jpg)
ডিজিটেল সংবাদ, শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। বুধবাৰে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এখন মহেন্দ্ৰ স্কৰপিঅ' বাহনৰ পৰা ৮০ গ্ৰাম হেৰ'ইন জব্দ কৰিছে ধলাই আৰক্ষীয়ে।
উল্লেখ্য যে, পাঁচটা চাবোনৰ বাকচত ভৰাই হেৰ'ইনখিনি বাহনখনৰ ছিটৰ তলত লুকুৱাই আনিছিল সৰবৰাহকাৰীয়ে। মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী বাহনখনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে হেৰ'ইনখিনি।
জব্দ কৰা হেৰ'ইনৰ মুল্য প্ৰায় ৫০ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে তিনি জন লোকক গ্ৰেপ্তাৰ কৰিছে।
ধৃত লোক কেইজন বৰপেটা জিলাৰ গৰৈমাৰীৰ ৰমেশ চন্দ্ৰ বিশ্বাস, বৰপেটা যোগীৰপামৰ চহিদুল ইছলাম আৰু কাছাৰ জিলাৰ ধলাই সপ্তগ্ৰামৰ ইবাদুৰ ৰহমান বুলি জানিবলৈ দিছে আৰক্ষীয়ে। তেওঁলোকৰ পৰা চাৰিটা মোবাইল ফোনো জব্দ কৰা হৈছে । ধৃত লোক কেইজনক বৰ্তমান ধলাই থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।