লামডিঙত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ তিনিজনক আটক...

লামডিঙত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ তিনিজনক আটক...
লামডিঙত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দঃ তিনিজনক আটক...

ডিজিটেল সংবাদ লামডিঙ: ৰে'লৰ জৰিয়তে বিভিন্ন নিচাযুক্ত সামগ্ৰী সৰবৰাহহৈ থকাৰ সময়তে আজি লামডিং ৰে'ল জংচনত ৰে'ল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। ১৩১৭৪ নম্বৰৰ নামনিমুৱা শিয়ালদহ কাঞ্চনজংঘা এস্কপ্ৰেছ ৰে'লখনৰ পৰা আৰক্ষীয়ে গাঞ্জাখিনি পৰা জব্দ কৰে ৷

জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ১২ কেজি হ'ব বুলি ৰে'ল আৰক্ষী সূত্ৰে প্ৰকাশ । ঘটনা সন্দৰ্ভত লামডিং ৰে'ল আৰক্ষী (জি আৰ পি )য়ে গাঞ্জা সৰবৰাহ কৰাৰ সন্দেহত তিনি জন ব্যক্তিক আটক কৰিছে।

আটকাধীন ব্যক্তি তিনিজন হৈছে মলেশ্বেৰ ৰয়, নেৱাল কিশৰ ৰয়, ৰতন দেও মাহাতু৷ লোককেইজনে শৰীৰত পৰিধান কৰা গৰম জেকেটৰ ভিতৰত গাঞ্জাখিনি লৈ আহিছিল৷

জব্দ কৰা গাঞ্জাখিনিৰ মূল্য ১ লাখ ২০ হাজাৰ টকাৰো অধিক হ'ব বুলি ৰে'ল আৰক্ষীয়ে জানিব দিয়ে। গাঞ্জাখিনি আগৰতলাৰ পৰা ৰে'লযোগে বিহাৰ লৈ সৰৱৰাহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

বৰ্তমান লামডিং ৰে'ল আৰক্ষীয়ে আটক কৰা তিনি জন ব্যক্তিক সোধপোছ অব্যাহত ৰাখিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in