/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/623fb9ec-c3c5-4b47-a6ed-1b8e7e2f9a54/kasr_12.jpg)
cachar
ডিজিটেল সংবাদ শিলচৰঃ সম্প্ৰতি অবৈধ বিদেশী সৰবৰাহৰ নিৰাপদ কৰিড'ৰত পৰিণত হৈছে কাছাৰ জিলা৷ ম্যানমাৰৰ পৰা মিজোৰাম হৈ কাছাৰ জিলাৰ মাজেৰে অবৈধ বিদেশী সামগ্ৰী সৰবৰাহ কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীয়ে ৷
এইদৰে গোপনে সৰবৰাহ কৰাৰ সময়ত মঙলবাৰে নিশা কাছাৰৰ ধলাইত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে ধলাই আৰক্ষীয়ে ৷ ধলাই থানাৰ আৰক্ষী মনোজ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশা মিজোৰাম - শিলচৰ অভিমুখী দুখন যাত্ৰীবাহী চুুমু বাহনত তালাচী চলাই জব্দ কৰে চিগাৰেটখিনি৷
চুমু বাহনখনৰ পৰা মুঠ ২৪ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰা হৈছে৷ অবৈধভাৱে বিদেশী চিগাৰেট কঢ়িয়াই অনা এই চুমু দুখনৰ নম্বৰ MZ05A-4211 আৰু MZ01N 1677 ।
আনহাতে আৰক্ষীয়ে অবৈধ চিগাৰেটৰ সৈতে দুজন সৰবৰাহকাৰীকো আটক কৰিছে৷ ধৃত লোক দুজন কৰিমগঞ্জৰ নিলামবাজাৰৰ আব্দুল হাই আৰু আইজলৰ মহম্মদ কে একলাছ। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দ কৰা চিগাৰেটখিনিৰ মূল্য কেইবালাখ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৰ্তমান ধৃত দুয়ো যুৱককে আৰক্ষীয়ে দেৰা অব্যাহত ৰাখিছে।