Advertisment

চিলাপথাৰত বিপুল পৰিমাণৰ অৰুণাচলী সুৰা জব্দ : তিনিজনক আটক

আৰক্ষীৰ ভাষ্য অনুসৰি সুৰা সৰবৰাহত ব্যৱহাৰ কৰা হৈছিল AS 04 AC 7004 নম্বৰৰ টাটা বাহন। জব্দ হোৱা সুৰাখিনিৰ ভিতৰত আছিল বিভিন্ন ব্ৰেণ্ডৰ বিয়েৰ আৰু হুইস্কী।

author-image
Asomiya Pratidin
New Update
silapathar

ডিজিটেল সংবাদ, চিলাপথাৰ : ধেমাজি জিলাৰ চিলাপথাৰত পুনৰ জব্দ কৰা হৈছে বুজন পৰিমাণৰ অৰুণাচলী সুৰা। বিগত কিছুদিনৰ পৰা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই থকা ই আই বি ইণ্টালিজেন্স দল আৰু ধেমাজি আবকাৰী দলে অৰুণাচলী সুৰাখিনি জব্দ কৰে।  

Advertisment

আৰক্ষীৰ ভাষ্য অনুসৰি সুৰা সৰবৰাহত ব্যৱহাৰ কৰা হৈছিল AS 04 AC 7004 নম্বৰৰ টাটা বাহন। জব্দ হোৱা সুৰাখিনিৰ ভিতৰত আছিল বিভিন্ন ব্ৰেণ্ডৰ বিয়েৰ আৰু হুইস্কী। ইয়াৰোপৰি উক্ত অভিযানত সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা এখন বগা ৰঙৰ মাৰুতি ৱেগনৰ বাহন জব্দ কৰা হয়। 

ইফালে ঘটনাস্থলীত অবৈধ সুৰা বেপাৰী কমলাকান্ত দলেৰ লগতে আন দুজন লোকক সোধা- পোচাৰ বাবে আৰক্ষীয়ে আটক কৰে ।  অসম-অৰুণাচল প্ৰদেশৰ লিকাবালিৰ পৰা মাজুলীলৈ ৰাসোৎসৱত বিক্ৰীৰ বাবে সুৰাবোৰ সৰবৰাহ কৰা বুলি ধেমাজি আবকাৰী বিভাগৰ পৰিদৰ্শক দেবজ্যতি দিহিঙীয়াই সদৰী কৰিছে।

Department of Excise Assam police