পেহেলগাম আক্ৰমণক লৈ ক্ষোভ, পাকিস্তান দূতাবাসৰ সন্মুখত বিশাল প্ৰতিবাদ

দিল্লী আৰু ইছলামবাদৰ মাজত বৃদ্ধি পাইছে ব্যাপক উত্তেজনাৰ। তাৰ মাজতে ৰাজধানী দিল্লীৰ পাকিস্তান দূতাবাসৰ বাহিৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিবাদৰ।

author-image
Asomiya Pratidin
New Update
পাক দূতাবাসৰ সন্মুখত প্ৰতিবাদ

পাক দূতাবাসৰ সন্মুখত প্ৰতিবাদ

ডিজিটেল ডেস্ক : শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশজুৰি অব্যাহত আছে তীব্ৰ ক্ষোভৰ। সমান্তৰালভাৱে দিল্লী আৰু ইছলামবাদৰ মাজত বৃদ্ধি পাইছে ব্যাপক উত্তেজনাৰ। তাৰ মাজতে ৰাজধানী দিল্লীৰ পাকিস্তান দূতাবাসৰ বাহিৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিবাদৰ।

Advertisment
বিশাল প্ৰতিবাদ
বিশাল প্ৰতিবাদ

 

দিল্লীৰ কূটনৈতিক এনক্লেভ চানক্যাপুৰীত অৱস্থিত পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ বাহিৰত বৃহৎ জনসমাগম হয়। হাতে হাতে প্লে-কাৰ্ড লৈ অসংখ্য লোকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাড। অৱশ্যে আৰক্ষীয়ে এই প্ৰতিবাদ শান্ত কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে পাকিস্তান চৰকাৰৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত প্ৰৱেশ বন্ধ কৰি দিছিল। দশক দশক পুৰণি সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু পাকিস্তানৰ জ্যেষ্ঠ কূটনৈতিক কৰ্মচাৰীক বহিষ্কাৰ কৰাকে ধৰি নতুন দিল্লীয়ে ধাৰাবাহিকভাৱে কঠোৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

উচ্চায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ প্ৰতিবাদকাৰীয়ে কয়, "ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আহিলে ৰাজনৈতিক দলসমূহে মতাদৰ্শ পৰিত্যাগ কৰি দেশৰ বাবে একত্ৰিত হ'ব লাগে। সকলোৱে একেলগে থিয় দিয়াটো ভাল লাগিছে। চৰকাৰে এতিয়ালৈকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া উৎসাহজনক।" ইফালে, পাকিস্তান উচ্চায়ুক্তত আৰক্ষী জোৱান মোতায়েন কৰি তীব্ৰ বেৰিকেড লগোৱা হৈছে। ২৩ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণত ২৮ জন ভাৰতীয় নাগৰিক আৰু এজন নেপালী নাগৰিকৰ মৃত্যু হৈছিল।

পাকিস্তান জম্মু-কাশ্মীৰ পেহেলগাম