মুছলপুৰত ইউ পি পি এলৰ বিশাল যোগদান সভা

বাক্সা জিলাৰ মুছলপুৰত শুকুৰবাৰে ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে চাপাগুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে । বিশাল সমদল লৈ যোগদান কাৰ্যসূচীত উপস্থিত হয় বাক্সাৰ প্ৰভাৱশালী নেতা হিতেশ বসুমতাৰী ।

author-image
Asomiya Pratidin
New Update
ইউপিপিএলৰ বিশাল যোগদান সভা

ইউপিপিএলৰ বিশাল যোগদান সভা

ডিজিটেল সংবাদ,বাক্সা : বাক্সা জিলাৰ মুছলপুৰত শুকুৰবাৰে ইউ পি পি এল দলত আনুষ্ঠানিকভাৱে যোগদান কৰে চাপাগুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীয়ে । বিশাল সমদল লৈ যোগদান কাৰ্যসূচীত উপস্থিত হয় বাক্সাৰ প্ৰভাৱশালী নেতা হিতেশ বসুমতাৰী ।

Advertisment
মুছলপুৰত ইউ পি পি এলৰ বিশাল যোগদান সভা
মুছলপুৰত ইউ পি পি এলৰ বিশাল যোগদান সভা

 

উল্লেখ্য যে এইগৰাকী নেতাই কেইদিনমান পূৰ্বে বিপিএফ ত্যাগ কৰিছিল । আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগনৰ অনুষ্ঠিত ইউপিপিএল দলৰ এক বিশাল যোগদান সভাত যোগদান কৰে হিতেশ বসুমতাৰীয়ে । উপস্থিত থাকে খাম্পা বৰগয়াৰী, চন্দন ব্ৰহ্ম আদি ।

সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিটিআৰত আমি সৰ্বস্তৰৰ উন্নয়নৰ বাবে কাম কৰি আছো বুলি মন্তব্য কৰি আঁচনিৰ অন্ত নাই বুলি উল্লেখ কৰে । তেওঁ লগতে ইউপিপিএল দলে একত্ৰিকৰণৰ যাত্ৰা আৰম্ভ হোৱা বুলিও মন্তব্য কৰে ।

মুছলপুৰত ইউ পি পি এলৰ বিশাল যোগদান সভা
মুছলপুৰত ইউ পি পি এলৰ বিশাল যোগদান সভা

 

ইফালে হিতেশ বসুমতাৰীয়ে হাগ্ৰামা মহিলাৰীয়ে প্ৰায়ে সন্দেহজনক ভূমিকা পালন কৰে বুলি উল্লেখ কৰে। লগতে তেওঁ হাগ্ৰামা মহিলাৰী সন্দৰ্ভত সৰৱ হৈ পৰে । তেওঁক হাগ্ৰামা মহিলাৰীয়ে কামাণ্ডাৰ আখ্যা দিয়াই সুখীহে হৈছে বুলি জানিবলৈ দি কামাণ্ডাৰে যুদ্ধৰ নেতৃত্ব দিয়ে বুলি মন্তব্য কৰে ।

baksa pramod bodo