মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

author-image
Asomiya Pratidin
New Update
মণিপুৰত পুনৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ, শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। থৌবাল, পুৱ ইম্ফল, কাকচিং, বিষ্ণুপুৰ আৰু টেংগন'পাল জিলাৰ‌ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ , বিষ্ফোৰক আৰু বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰিছে নিৰাপত্তা বিহিনীয়ে।

Advertisment

অভিযান কালত এটা ইনছাছ ৰাইফল, এটা ইনছাছ এল এম জি, এটা ৫১" মৰ্টাৰ, তিনিটা চিংগল বেৰেল গান, দুটা ১২ ব’ৰ বেৰেল বন্দুক, ১২-ব’ৰৰ ১০৩ টা কাৰ্টিজ, এটা আই ই ডি, এটা ডাবল বেৰেল গান, ২৪ টা হেণ্ড গ্ৰেনেড, এটা ৫১ এম এম মৰ্টাৰ, এটা এম এ থ্ৰি ৰাইফল জব্দ কৰিছে। ইয়াৰোপৰি এই অভিযানত নিৰাপত্তা বাহিনী দলটোৱে এটা একে ৰাইফল, এটা লাথোডৰ, মেগাজিন সহ এম এ-৩ এম কে ৰ ৰাইফল, এটা চি এম জি কাৰ্বাইন, এটা স্নাইপাৰ ৰাইফল, এটা ৰিভলভাৰ, দুটা টিউব লঞ্চিং, কেইবা শ সজীব গুলি সহ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ, বিষ্ফোৰক আৰু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। উল্লেখযোগ্য যে এই অভিযানকালত নিৰাপত্তা বাহিনীৰ দলটোৱে কোনো অভিযুক্তক আটক কৰিবলৈ সক্ষম নহ'ল।

Also Read: দৰং জিলা ছাত্ৰ সন্থাৰ পথ অৱৰোধ কাৰ্যসূচী

manipur