মণিপুৰত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰী জব্দ

হিংসাজৰ্জৰ‌ মণিপুৰত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰী জব্দ কৰিছে নিৰাপত্তা বাহনীয়ে।‌ অশান্তজৰ্জৰ ৰাজ্যখনৰ চুৰাচান্দপুৰ কাংপকপি, বিষ্ণুপুৰ আৰু পশ্চিম ইম্ফল জিলাৰ পাহাৰীয়া আৰু সমভূমি এলেকাত অভিযান চলাই জব্দ কৰে মাৰণাস্ত্ৰ আৰু বিষ্ফোৰকসহ অন্যান্য আপত্তিজনক সামগ্ৰীসমূহ

author-image
Asomiya Pratidin
New Update
manipur

manipur

ডিজিটেল সংবাদ, শিলচৰ : হিংসাজৰ্জৰ‌ মণিপুৰত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰী জব্দ কৰিছে নিৰাপত্তা বাহনীয়ে।‌ অশান্তজৰ্জৰ ৰাজ্যখনৰ চুৰাচান্দপুৰ কাংপকপি, বিষ্ণুপুৰ আৰু পশ্চিম ইম্ফল জিলাৰ পাহাৰীয়া আৰু সমভূমি এলেকাত অভিযান চলাই জব্দ কৰে মাৰণাস্ত্ৰ আৰু বিষ্ফোৰকসহ অন্যান্য আপত্তিজনক সামগ্ৰীসমূহ ।

অভিযান কালত ১টা মৰ্টাৰ, মেগাজিনসহ ১টা এছ এল আৰ ৰাইফল, ২টা স্নাইপাৰ, এটা ৭.৬২ ৰাইফল, ১টা গ্ৰেনেড লঞ্চাৰ, ২টা ছিংগল বেৰেল গান, ৭ কেজি ওজনৰ‌ ৪ টা আই ই ডি জব্দ কৰে। একেদৰে ৩টা হেণ্ড গ্ৰেনেড, ১টা মৰ্টাৰ বোমা, মেগজিনৰ সৈতে এচ এল আৰৰ ১১টা সজীৱ গুলিসহ ৬৬ টা খালি কাৰ্টিজৰ লগতে এ কে ৰাইফলৰ ১০২ টা খালি কাৰ্টিজ, এটা হস্তনিৰ্মিত বোমাসহ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰা হৈছে।

manipur Silchar