মণিপুৰ আৰু ত্ৰিপুৰাত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। বি এছ এফ, অসম ৰাইফলছ, চি আৰু পি এফ আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই পূৱ মণিপুৰ জিলাৰ নতুনছিং চানচাবি এলেকাৰ পৰা

author-image
Asomiya Pratidin
New Update
মণিপুৰ আৰু ত্ৰিপুৰাত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে। বি এছ এফ, অসম ৰাইফলছ, চি আৰু পি এফ আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই পূৱ মণিপুৰ জিলাৰ নতুনছিং চানচাবি এলেকাৰ পৰা ৬ টা শক্তিশালী ৰকেট লঞ্চাৰ, ৩ টা হেণ্ড গ্ৰেণেড, যথেষ্ট সংখ্যক ডিটনেটৰসহ অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰে।

আনহাতে, অসম ৰাইফলছ আৰু ডাইৰেক্টৰিয়েট ৰেভিনিউ অফ ইন্টেলিজেঞ্চ চমুকৈ ডি আৰ আই ত্ৰিপুৰাৰ টেলিমুৰাৰ পৰা ৬০ হাজাৰ মেথামফেটামাইন টেবলেট জব্দ কৰিছে।  এখন চাৰিচকীয়া বাহনত তালাচী চলাই জব্দ কৰে নিচাজাতীয় টেবলেটখিনি। 

জব্দ কৰা টেবলেটৰ মূল্য প্ৰায় ৬ কোটি টকা।  টেবলেট সৰবৰাহৰ অভিযোগত দুজন লোকক আটক কৰা হৈছে।

tripura manipur