চিলাপথাৰত বিশাল ড্ৰাগছ বিৰোধী নাগৰিক সভা

টিএমপিকে'ৰ চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত, সংগঠনটোৰ চিলাপথাৰ নগৰ সমিতি আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত স্থানীয় দঃঞি পঃল সাংস্কৃতিক কেন্দ্ৰত মঙলবাৰে অনুষ্ঠিত হ'ল এক বিশাল ড্ৰাগছ বিৰোধী নাগৰিক সভা।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত বিশাল ড্ৰাগছ বিৰোধী নাগৰিক সভা

চিলাপথাৰত বিশাল ড্ৰাগছ বিৰোধী নাগৰিক সভা

ডিজিটেল সংবাদ, চিলাপথাৰঃ টিএমপিকে'ৰ চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত, সংগঠনটোৰ চিলাপথাৰ নগৰ সমিতি আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত স্থানীয় দঃঞি পঃল সাংস্কৃতিক কেন্দ্ৰত মঙলবাৰে অনুষ্ঠিত হ'ল এক বিশাল ড্ৰাগছ বিৰোধী নাগৰিক সভা।

Advertisment

সংগঠনটোৰ চিলাপথাৰ জিলাৰ সভাপতি ৰাজীৱ দলেৰ সভাপতিত্বত, সম্পাদক মানস কুলি আৰু টিএমপিকে'ৰ চিলাপথাৰ টাউন সমিতিৰ সভাপতি মৃদুল মিন্টু দলেই আঁত ধৰে এই বিশাল নাগৰিক সভাত। অঞ্চলটোৰ বহু শিক্ষাবিদ, সমাজ কৰ্মী,আৰক্ষী বিষয়া আৰু সংগঠনৰ নেতা-কৰ্মীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ দুই সহস্ৰাধিক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল এই বিশেষ সভাখনত।

বৃহত্তৰ অঞ্চলটোত ড্ৰাগচৰ ব্যাপক প্ৰচলনৰ ঘটনাকলৈ ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰে। বৰবিহ ড্ৰাগছ সেৱনৰ ভয়াবহ পৰিনাম সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলৰ আগত গঠনমূলক পৰামৰ্শৰে বক্তব্য দাঙি ধৰে কেবাজনো বক্তাই। ছাত্ৰ ছাত্ৰী সকলক নিচাযুক্ত দ্ৰব্যৰ সেৱনৰ পৰিৱৰ্তে খেলা ধূলাত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। নাগৰিক সভাখনে যিকোনো মূল্যৰ বিনিময়ত অঞ্চলটো ড্ৰাগছ মুক্ত কৰিব লাগিব বুলি ঐক্যমত পোষণ কৰে। অহা ১৫ দিনৰ ভিতৰত ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰৰ সময়সীমা বান্ধি দিয়ে। ইয়াৰ অন্যথা ৰাইজক লগত লৈ টিএমপিকেই নিজাকৈ বিহীত ব্যৱস্থা ল'ব বুলি সকীয়াই দিয়ে।

চিলাপথাৰ