গহপুৰ মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰঃ মেট্ৰিকত জিলিকিল দীপম সংগম ভূঞা...

গহপুৰ মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰঃ মেট্ৰিকত জিলিকিল দীপম সংগম ভূঞা...

author-image
Asomiya Pratidin
New Update
গহপুৰ মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰঃ মেট্ৰিকত জিলিকিল দীপম সংগম ভূঞা...

ডিজিটেল সংবাদ, ছয়দুৱাৰ: ২০এপ্ৰিলত ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গহপুৰ মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ(৯৬.৩৩%) লাভ কৰি সমগ্ৰ মহকুমাটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ছেণ্ট যোচেফ হাইস্কুল(গহপুৰ)ৰ মেধাৱী ছাত্র দীপম সংগম ভূঞাই।

Advertisment

ঘোষিত ফলাফলত তেওঁ অসমীয়াত ৯২,ইংৰাজীত ৯৮,সাধাৰণ গণিতত ৯৫,সাধাৰণ বিজ্ঞানত ৯৬,সমাজ বিজ্ঞানত ৯৭ আৰু ঐচ্ছিক গণিত বিষয়ত লাভ কৰে ১০০ নম্বৰ।

কৃতী ছাত্ৰ দীপম সংগম ভূঞা গহপুৰ পৌৰসভাৰ অন্তৰ্গত ছত্ৰং মাজগাঁও নিবাসী তথা ডিমৰীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক বীৰেণ ভূঞা আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ মিতালী হাজৰিকা ভূঞাৰ সুযোগ্য সন্তান।

তেওঁৰ এই আশাপ্ৰদ সাফল্যৰ বাবে গহপুৰ বাবে ৰাইজে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছে।

গহপুৰ