ওদালগুৰিত ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন উত্তীৰ্ণ হাৰ

চিন্তিত শৈক্ষিক মহল
ওদালগুৰিত ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন উত্তীৰ্ণ হাৰ

ডিজিটেল সংবাদ,ওদালগুৰিঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন স্থান ওদালগুৰি জিলাৰ। জিলাখনত এইবেলি উত্তীৰ্ণৰ হাৰ ৬০.৯ শতাংশ। ইয়াৰ বিপৰীতে ৯১.২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে বিটিআৰৰ চিৰাং জিলাই। ওদালগুৰি জিলাৰ এই উত্তীৰ্ণৰ হাৰে স্বাভাৱিকতে জিলাখনৰ শৈক্ষিক মহল আৰু অভিভাৱকসকলৰ মাজত হতাশাৰ সৃষ্টি কৰিছে।

তথ্য অনুসৰি ২০১৬ চনত উত্তীৰ্ণৰ হাৰ ৫৩.৪৪ শতাংশ,২০১৭ চনত ৩৫.৪৯ শতাংশ,২০১৮ চনত ৩৬.৯৭ শতাংশ,২০১৯ চনত ৫৩.৩৮ শতাংশ আৰু ২০২০ চনত ৫৭.৯২ শতাংশ আৰু ২০২১ চনত, ৯৪.২৫ শতাংশ, ২০২২ চনত ৪৬.৫ শতাংশ। উল্লেখ্য যে এইবেলি সমগ্ৰ জিলাখনৰ ১০,৯০৮ গৰাকী শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে মাত্ৰ ৬,৬৫০ গৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ইয়াৰে ভিতৰত ১,৭৮৯ গৰাকীয়ে প্ৰথম বিভাগত, ৩,০৭৮ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ১,৭৮৩ গৰাকী শিক্ষাৰ্থীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।

জিলাখনৰ ২০ টাকৈ পৰীক্ষা কেন্দ্ৰৰ উত্তীৰ্ণৰ হাৰ অনুসৰি অম্বগাঁও বড়ো হাইস্কুল কেন্দ্ৰত ৬৩.৮৯ শতাংশ,ভেৰগাঁও উচ্চ বিদ্যাপীঠ কেন্দ্ৰত ৫০.৮৮ শতাংশ,ভোলাবাৰী হাইস্কুল কেন্দ্ৰত ৬৪.৭৯ শতাংশ,দলংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৬৬.১০ শতাংশ,দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৬১.৪৮ শতাংশ,হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬৭.২৭ শতাংশ,ৰৌতাৰ জেবি হাগজেৰ মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৬১.৭৭ শতাংশ, কলাইগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৫৯.০৩ শতাংশ,খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৬০.৯৩ শতাংশ, মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৩৬.৩১ শতাংশ, দুই নম্বৰ নলবাৰী হাইস্কুল কেন্দ্ৰত ৭৭.৬৭ শতাংশ, ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৬২.০১ শতাংশ, পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৬৩.৭১ শতাংশ, ডিমাকুচিৰ শেখৰ শংকৰদেৱ মিচন হাইস্কুল কেন্দ্ৰত ৪৭.১৭ শতাংশ, টংলা ছোৱালী হাইস্কুলত ৬৬.৪৫ শতাংশ, টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৫৮.৮৮ শতাংশ, টংলা আদৰ্শ হাইস্কুল কেন্দ্ৰত ৮৬.৭৬ শতাংশ, ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৭৮.৩৪ শতাংশ,ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৬৭.৭১ শতাংশ আৰু গোলমাগাওঁ হাইস্কুল কেন্দ্ৰত ৬৯.৬১ শতাংশ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।

ইয়াৰে ভিতৰত ওদালগুৰি সদৰৰ ৩ টা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা ৫৯১ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৪৬৩ গৰাকীয়ে উত্তীৰ্ণ হয়। ইয়াৰে ভিতৰত ১৩৮ গৰাকীয়ে প্ৰথম বিভাগত,২৪৮ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৭৭ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হয়। আনহাতে জিলা সদৰৰ আন এটা পৰীক্ষা কেন্দ্ৰ ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬৬৯ গৰাকীয়ে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৪৫৩ গৰাকীয়ে উত্তীৰ্ণ হয়। ইয়াৰে ভিতৰত ১৩৯ গৰাকীয়ে প্ৰথম বিভাগত,২৫৫ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৫৯ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। একেদৰে আন এটা পৰীক্ষা গোলমাগাওঁ হাইস্কুল কেন্দ্ৰত ৪৪১ গৰাকীয়ে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৩০৭ গৰাকীয়ে উত্তীৰ্ণ হয়। ইয়াৰে ভিতৰত ১১৫ গৰাকীয়ে প্ৰথম বিভাগত,১২৭ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৬৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। উল্লেখ্য যে,বিগত বছৰসমূহৰ তুলনাত ওদালগুৰি জিলাখনত উত্তীৰ্ণৰ হাৰ হ্ৰাস পোৱা তথা ৰাজ্যৰ ভিতৰতে নিম্ন স্থান লাভ কৰা বিষয়টোৱে স্বাভাৱিকতে শিক্ষাৰ্থী,অভিভাৱক তথা শৈক্ষিক সমাজক চিন্তিত কৰি তোলা দেখা গৈছে।

ওদালগুৰিত ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন উত্তীৰ্ণ হাৰ
দৰিদ্ৰতাৰে যুঁজি মেধাৰ পৰিচয় দিলে দেৱোত্তম কোঁৱৰে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in