/asomiyapratidin/media/media_files/2025/04/11/2IAByrAmAxFbSFCIhyO6.jpeg)
আজি ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০-৩০ বজাত ঘোষণা হ'ব ফলাফল। ২০২৫ বৰ্ষত অৱতীৰ্ণ হোৱা সৰ্বমুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪,২৯,৪৪৮ গৰাকী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা।
১৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই পৰীক্ষাৰ ফলাফলসমূহ ১৪টা ৱেবছাইটৰ জৰিয়তে লাভ কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে।
-
Apr 11, 2025 11:04 IST
ফলাফল লাভ কৰি অমিশীৰ প্ৰতিক্ৰিয়া : ভাল মানুহ হোৱাৰ চেষ্টা কৰিম...
হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা অমিশী শইকীয়াই এই ফলাফল লাভ কৰাৰ পাছতেই কয় যে, তেওঁ এনে ফলাফল লাভ কৰিব বুলি আশা কৰা নাছিল। মেধাৱী ছাত্ৰীগৰাকীয়ে অত্যন্ত বিনম্ৰতাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, ভৱিষ্যতে তেওঁ ভাল মানুহ হ’বলৈ চেষ্টা কৰিব।
কেৱল তেঁৱেই নহয়, তেওঁৰ লগৰবোৰেও বহু ভাল ৰিজাল্ট কৰিছে বুলি উল্লেখ কৰি অমিশীয়ে জানিবলৈ দিয়ে যে, তেওঁৰ পিতৃ- মাতৃয়ে কেতিয়াও পঢ়া-শুনাত হেঁচা দিয়া নাছিল। বিদ্যালয়খনৰ শিক্ষাগুৰুসকলে তেওঁক পঢ়া- শুনাত সকলো ধৰণে সহায় কৰাৰ কথা জানিবলৈ দি এই ফলাফলৰ পাছত তেওঁ শিক্ষাগুৰুসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।
-
Apr 11, 2025 10:40 IST
ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : ৬৩.৯৮শতাংশ ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ
- ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা।
- এইবাৰ মুঠ ৪,২২,৭৩৭ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।
- ইয়াৰে ২,৭০,৪৭১জন পৰীক্ষাৰ্থী হৈছে উত্তীৰ্ণ।
- প্ৰথম বিভাগ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ৮৯০৪১ জন।
- দ্বিতীয় বিভাগ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ১৩৫৫৬৮ জন।
- ৪৫৮৬২গৰাকী ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হৈছে তৃতীয় বিভাগত।
- হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবছৰৰ উত্তীৰ্ণৰ হাৰ৬৩.৯৮শতাংশ।
-
Apr 11, 2025 10:40 IST
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম ৩টা স্থানত অমিশী, সপ্তৰ্শ আৰু অনিৰ্বাণ
- হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা।
- এইবাৰ ঘোষিত ফলাফলত আছে প্ৰথম ৩টা স্থান।
- প্রথম স্থান লাভ কৰিছে যোৰহাটৰ প্রজ্ঞা একাডেমীৰ অমিশী শইকীয়াই।
- অমিশীয়ে লাভ কৰিছে মুঠ ৫৯১ নম্বৰ।
- দ্বিতীয় স্থানত আছে অসম জাতীয় বিদ্যালয়, নুনমাটিৰ সপ্তৰ্শ বৰদলৈ।
- সপ্তৰ্শই লাভ কৰিছে মুঠ ৫৯০ নম্বৰ।
- তৃতীয় স্থান লাভ কৰিছে যোৰহাটৰ প্রজ্ঞা একাডেমীৰ অনিৰ্বাণ বৰগোহাঁয়ে।
- অনিৰ্বাণে লাভ কৰিছে মুঠ ৫৮৯ নম্বৰ।
-
Apr 11, 2025 10:10 IST
ৱেবচাইটৰ উপৰি মোবাইল এপযোগেও শিক্ষাৰ্থীসকলে চাব পাৰিব মেট্ৰিকৰ ফলাফল
ৱেবচাইটৰ উপৰি মোবাইল এপযোগেও শিক্ষাৰ্থীসকলে চাব পাৰিব মেট্ৰিকৰ ফলাফল। ASSEB Results এই এপৰ জৰিয়তে চাব পাৰিব ফলাফল। তাৰোপৰি মোবাইল এপটোৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ মাৰ্কশ্বিট।