/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2020/02/prakl.jpg)
ডিজিটেল ডেস্ক : ছাত্ৰ- ছাত্ৰী, অভিভাৱকৰ উৎকণ্ঠাৰ অন্ত পেলাই আজিৰে পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৯৪৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। ২০২৫ বৰ্ষৰ এই পৰীক্ষাত ৪,২৯, ৪৪৮ গৰাকী ছাত্ৰী- ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ’ব।
উল্লেখযোগ্য যে সৰ্বমুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ১,৯০,৬৫৩ জন ছাত্ৰ আৰু ২,৩৮,৭৯৫ গৰাকী ছাত্ৰী। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তথ্য অনুসৰি বিগত বৰ্ষতকৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮,৭২০ গৰাকী পৰীক্ষাৰ্থী বৃদ্ধি পাইছে। একেদৰে পূৰ্বতকৈ এইবাৰ ৩১টা পৰীক্ষা কেন্দ্ৰ বৃদ্ধি পাইছে ৰাজ্যত।