/asomiyapratidin/media/media_files/2025/04/30/juDe5axykatB1i1USRdo.jpg)
ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিকৰ ফলাফলত ছাত্ৰতকৈ আগত আছে ছাত্ৰী। এইবাৰ কলা শাখাত মুঠ ২২৬৭৫৬গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ৯৬৪০৫গৰাকী। ছাত্ৰীৰ সংখ্যা আছিল- ১৩০৩৫১গৰাকী। ইয়াৰে ১৬১৫৮গৰাকী ছাত্ৰই আৰু ৩৩৪১৯গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে।
কলা শাখাত উৰ্ত্তীণৰ হাৰত ছাত্ৰতকৈ আগত আছে ছাত্ৰী। এই শাখাত ছাত্ৰৰ উৰ্ত্তীণৰ হাৰ ৭৮.৪২শতাংশ। ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰ ৮২.৯৫শতাংশ। বাণিজ্য শাখাত মুঠ পৰীক্ষাৰ্থী ১৭৭৪৬গৰাকীৰ ভিতৰত ১২৪৫৪গৰাকী ছাত্ৰ আৰু ৫২৯২গৰাকী ছাত্ৰী।
বাণিজ্য শাখাত ছাত্ৰৰ উৰ্ত্তীণৰ হাৰ ৮২.০৮ আৰু ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰ ৮২.৪০। বিজ্ঞান শাখাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৫৬৯০৯গৰাকী। ইয়াৰে ৩২৪০১গৰাকী ছাত্ৰ আৰু ২৪৫০৮গৰাকী ছাত্ৰী। বিজ্ঞান শাখাত ছাত্ৰৰ উৰ্ত্তীণৰ হাৰ ৮৪.৩৯ আৰু ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰ ৮৫.৫৪শতাংশ।
বহুমুখী শিক্ষা শাখাত ছাত্ৰৰ উৰ্ত্তীণৰ হাৰ ৬৫.৫৩ আৰু ছাত্ৰীৰ উৰ্ত্তীণৰ হাৰ ৭৪.৩৯শতাংশ। এই শাখাত মুঠ ১২০২গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে ৭৯২গৰাকী ছাত্ৰ আৰু ৪১০গৰাকী ছাত্ৰী।