/asomiyapratidin/media/media_files/2025/02/14/uudTDj8wPQo8kBnnNu70.jpg)
ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ১৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষাত প্ৰথম দিনা আছিল ইংৰাজী বিষয়ক পৰীক্ষা। এই পৰীক্ষাত এটা প্ৰশ্নক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।
ইংৰাজী প্ৰশ্ন কাকতৰ ছেকচন বিৰ এডভানচ ৰাইটিং স্কিলৰ বাবাদ আছিল ২৫ নম্বৰ। এই শাখাত দ্বিতীয়টো প্ৰশ্ন আহিছিল এখন জাননী লিখিবলৈ। "প্ৰশান্তি হাউচিং ছ'চাইটিৰ সম্পাদক হিচাপে ছাত্ৰ-ছাত্ৰীয়ে ৫ এপ্ৰিলত পানীৰ টেংকি পৰিষ্কাৰ কৰাৰ বাবে ৮ ঘন্টালৈ (পুৱা ১০ বজাৰ পৰা ৬ বজালৈ) পানীৰ যোগান বন্ধ থকাৰ সন্দৰ্ভত এখন জাননী লিখিবলৈ দিয়া হৈছিল।
প্ৰশ্ন কাকতত এই জাননীখনৰ বাবদ আছিল ৫ নম্বৰ। কিন্তু ছিলেবাচত নথকা এনে ধৰণৰ প্ৰশ্নৰ বাবে বিবুদ্ধিত পৰিছিল ছাত্ৰ-ছাত্ৰীসকল। শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলা অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ এয়াই প্ৰথম কাণ্ড নহয়। পূৰ্বতেও এনে ধৰণৰ বহু ঘটনাৰ বাবে জৱাবদিহি হোৱা পাছতো গা লৰা নাই বিভাগটোৰ।