হৃদহদীত পুনৰ সলিল সমাধি এজন যুৱকৰ...

নগাঁও জিলাৰ লুংচুংৰ হৃদহদী জলপ্ৰপাতত পুনৰ মৃত্যুক সাবতিলে নগাঁৱৰ এজন যুৱকে । মৃত্যু হোৱা যুৱক জন নগাঁও চহৰৰ লাঁওখোৱা ৰোডৰ সনয়ম  জৈন(২১) বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
হৃদহদীত পুনৰ সলিল সমাধি এজন যুৱকৰ...

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ লুংচুংৰ হৃদহদী জলপ্ৰপাতত পুনৰ মৃত্যুক সাবতিলে নগাঁৱৰ এজন যুৱকে । মৃত্যু হোৱা যুৱক জন নগাঁও চহৰৰ লাঁওখোৱা ৰোডৰ সনয়ম  জৈন(২১) বুলি জানিব পৰা গৈছে।

পুৱা হৃদহদীত গা ধুবলৈ গৈ দুৰ্ভাগ্য জনক ভাৱে মৃত্যুক সাবতিলে যুৱকজনে। আৰক্ষীৰ সুত্ৰ মতে ৪ বন্ধু আৰু ৩ গৰাকী বান্ধৱীৰ সৈতে জলপ্ৰপাতটোলৈ গৈছিল  সনয়ম  জৈন নামৰ যুৱক জন।

ঘটনাস্থলীত চামগুৰি আৰক্ষী আৰু এছ ডি আৰ এফৰ দল উপস্থিতি হৈ জৈনৰ মৃতদেহ উদ্ধাৰ কৰে। নগাঁৱৰ ব্যৱসায়ী প্ৰয়াত সুদৰ্শন জৈনৰ পুত্ৰ আছিল তেওঁ। উল্লেখ্য যে, বৰ্তমানলৈকে  হৃদহদী জলপ্ৰপাতত গা-ধুব গৈ মৃত্যুক সাৱতিছে প্ৰায় ১০গৰাকীকৈ লোকে।

চামগুৰি