/asomiyapratidin/media/media_files/2025/02/16/RHwS3ImzfIkBGXSKjujQ.jpg)
বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলিত আঞ্চলিক পৰ্যায়ৰ ছয় অগ্ৰণী বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশন ক্ৰমে এবচুৰ ৪৬ সংখ্যক, বড়ো সাহিত্য সভাৰ ৪৬ সংখ্যক, কছাৰী সমাজৰ ৪৪ সংখ্যক, আবৌফৰ ৩৭ সংখ্যক ,দুলাৰায় হাৰিমু আফাদৰ ২২ সংখ্যক আৰু গাওঁবুঢ়া সন্থাৰ ৩ সংখ্যক বাৰ্ষিক অধিৱেশখনি এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে অনুষ্ঠিত কৰা হয়। কেউটা সংগঠনৰে অনুষ্ঠান হাওৰাঘাট তিনিআলি আঞ্চলিক অগ্ৰণী বড়ো সংগঠনৰ স্থায়ী কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ।
কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ছয় অগ্ৰণী বড়ো সংগঠনৰ পৃথকে পৃথকে পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিছতে কাৰ্বি আংলং জিলা এবছুৰ প্ৰাক্তন সম্পাদক অমল বসুমতাৰীৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ।
সভাখন উদ্বোধন কৰে পুষ্প খাখলাৰীয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সুৱল বসুমতাৰীয়ে । সভাত হাওৰাঘাট তিনিআলি আঞ্চলিক এবছুৰ বাবে দীনেশ নাৰ্জাৰীক সভাপতি আৰু অঞ্জালু খাখলাৰীক সম্পাদক, কছাৰী সমাজৰ বাবে হৰি নাৰ্জাৰীক সভাপতি আৰু বীৰেন স্বৰ্গীয়াৰীক সাধাৰণ সম্পাদক, আবৌফৰ বাবে প্ৰমিলা ফখ্ৰাৰীক সভানেত্ৰী আৰু প্ৰভাৱতী বসুমতাৰীক সম্পাদিকা, আৰু বড়ো সাহিত্য সভাৰ বাবে গোপেন খাখলাৰীক সভাপতি আৰু ধৰ্মেন্দ্ৰ খাখলাৰীক সম্পাদক হিচাপে লৈ পুৰণা সমিতিখন ভংগ কৰি নতুনকৈ গঠন কৰা হয় ।
আনহাতে প্ৰতিটো সংগঠনৰ সম্পাদকে বছৰেকীয়া প্ৰতিবেদন পাঠ কৰাৰ লগতে সমিতিৰ জমা খৰচ দাখিল কৰা হয় । সভাত বড়ো সমাজৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আদি সামগ্ৰীক দিশত আলোচনা বিলোচনা কৰি বড়ো জনগোষ্ঠী কেনেকৈ উন্নতিৰ পথত আগুৱাই যাব পাৰিব আৰু শান্তি সম্প্ৰীতিৰে বসবাস কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰা হয় ।
সভাত হাওৰাঘাট তিনিআলি আঞ্চলিক পৰ্যায়ৰ এবচু, কছাৰী সমাজ, আবৌফ, বড়ো সাহিত্য সভা, গাওঁবুঢ়া সন্থা, দুলাৰায় বড়ো হাৰিমু আফাদ, প্ৰাক্তন বি এল টি কল্যাণ পৰিষদকে ধৰি কেইবাটাও অগ্ৰণী বড়ো সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে ।