/asomiyapratidin/media/media_files/2025/05/16/whC6nqF9P6MscGJ5QmQc.jpg)
শিৱসাগৰ
ডিজিটেল সংবাদ, শিৱসাগৰ : ইতিহাসপ্ৰসিদ্ধ শিৱসাগৰ ৷ এই শিৱসাগৰ পৰাই আহোম স্বৰ্গদেউসকলে অসম নামৰ এই ভূখণ্ডক প্ৰশাসনিকভাৱে নেতৃত্ব দিয়াৰ লগতে বিদেশীৰ পৰা ৰক্ষা কৰিছিল ৷
শিৱসাগৰ ভাষা সংস্কৃতিৰ কঠিয়াতলী স্বৰূপ ৷ ইয়াৰ মাটিতেই অসমীয়া ভাষাৰ প্ৰথমখন সংবাদপত্ৰ ‘অৰুনোদই’ প্ৰকাশ হৈছিল ৷ অসম সাহিত্য সভাৰো জন্মস্থান শিৱসাগৰে এতিয়া মাথো ইতিহাস সাৱটি আছে ৷
অসমৰ আন আন ঠাইৰ তুলনাত শিৱসাগৰ বিভিন্ন দিশত পিছপৰি ৰ’ল ৷ চুবুৰীয়া জিলা কেইখনৰ উন্নয়নৰ দিশৰ লগত শিৱসাগৰক তুলনা কৰিব নোৱাৰি ৷ কোনো এটা দিশত শিৱসাগৰৰ উন্নয়ন নহ’ল ৷
দেশে স্বাধীনতা লাভৰ পিছৰে পৰা চৰকাৰ আৰু জনপ্ৰতিনিধিৰ অনিহাৰ বাবে শিৱসাগৰ পিছপৰি ৰ’ল ৷ শিৱসাগৰত নাই এখন আইন মহাবিদ্যালয় ৷ নাই অভিযান্ত্ৰিক মহাবিদ্যালয় বা বি এইড কলেজ ৷ নতুন উদ্যোগ, গৱেষণাগাৰ আদিৰ প্ৰসংগ আছেই ৷
শিৱসাগৰৰ পৰা অ’এনজিচিয়ে আহৰণ কৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ৰয়েল্টি হিচাপে প্ৰতিমাহে অসম চৰকাৰে ১০০ কোটি আৰু কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকা লাভ কৰে ৷ ইয়াৰ উপৰি আন আন শিতানত অ’এনজিচিৰ অসম সম্পদৰ পৰা চৰকাৰে বছৰি আৰু ৫০০ কোটিমান টকা লাভ কৰে ৷ অথচ উন্নয়নৰ বেলিকা শিৱসাগৰে বিশেষ অগ্ৰাধিকাৰ লাভ কৰা নাই ৷
শিৱসাগৰ চহৰখন মাথো ৬ ট্ৰেফিক পইন্টৰ ভিতৰতেই আৱদ্ধ ৷ শিৱসাগৰৰ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্থান হিচাপে স্বীকৃতি লাভ কৰিছে যদিও তাৰ পিছত পৰ্যটকৰ বাবে আন্তঃগাঁথনি উন্নত কৰাৰ কোনো পৰিকল্পনা নাই ৷ উন্নয়নটো বাদেই শিৱসাগৰত খিলঞ্জীয়া আৰু ভূমিপুত্ৰই ভূমিৰ অধিকাৰ হেৰুৱাই পেলাইছে ৷
একাংশ বহিৰাগতই খিলঞ্জীয়াৰ শ শ বিঘা মাটি ক্ৰয় কৰিছে ৷ ইমানেই নহয়, খিলঞ্জীয়াৰ বাসগৃহ পৰ্যন্ত কৌশলেৰে কাঢ়ি লৈছে ৷ ইয়াত থলুৱা তথা খিলঞ্জীয়া মুছলমানে আন জনগোষ্ঠীৰ পৰা মাটি কিনিব নোৱাৰে যদিও বহিৰাগতই মাটি ক্ৰয় কৰিব পাৰে ৷
শিৱসাগৰত ভালেকেইটা সংগঠনৰ নেতাই বহিৰাগত লোকক মাটি বিক্ৰী বন্ধ কৰাৰ ফটোৱা জাৰি কৰি ব্যাপক আন্দোলন গঢ়ি তুলিলে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লোকে এই আন্দোলনলৈ সমৰ্থন আগবাঢ়ালে যদিও চৰকাৰী এজেন্টে এই আন্দোলন মিঞা খেদা আন্দোলনলৈ ৰূপান্তৰিত কৰিলে ৷
ইটাভাটাৰ মালিকৰ আমন্ত্ৰণত লাইন হোটেলত হোৱা আলোচনাৰ নামত সকলো আন্দোলন ৰহস্যজনকভাৱে স্তব্ধ হ’ল ৷ খিলঞ্জীয়া জনসাধাৰণৰ ভূমিৰ অধিকাৰ আৰু ঐতিহাসিক শিৱসাগৰৰ উন্নয়নৰ ক্ষেত্ৰত জনপ্ৰতিনিধিৰ লগতে জাতীয় সংগঠনৰ নেতাৰ দায়িত্ব অপৰিসীম যদিও শিৱসাগৰত ইয়াৰ বিপৰীত প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে ৷
শেহতীয়াভাৱে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মাজত মাজত অব্যাহত থকা বিতৰ্কই জনসাধাৰণক ক্ষুণ্ণ কৰিছে ৷ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক সমালোচনা কৰাৰ পিছত শৃংখল চলিহাই বিধায়ক গৰাকীক উভতি ধৰিছে ৷
শৃংখল চলিহাই বিধায়ক অখিল গগৈক সমালোচনা কৰি কয় আমি খিলঞ্জীয়াৰ স্বাৰ্থত সংগ্ৰাম কৰি আছো ৷ খিলঞ্জীয়া জনগণৰ আৰু বীৰ লাচিত সেনাৰ সৈনিকসকল মোৰ সাহস ৷ বাংলাদেশী তুষ্টিকৰণ নচলিব ৷ বাংলাদেশী হিন্দুৱেই হওক বা মুছলমানেই হওক যি তুষ্টিকৰণ কৰিব তাক সহ্য কৰা নহ’ব ৷ এইটো স্পষ্ট কথা ৷
বিধায়ক অখিল গগৈয়ে নিৰ্বাচন খেলিলে দুইলাখ টকা দিব বুলি কৰা মন্তব্যৰ সন্দৰ্ভত শৃংখল চলিহাই কয়- মোক ২ লাখ টকাৰ প্ৰয়োজন নাই। অখিল গগৈ বাহিনীয়ে মোক কৈ থৈছে মই জয়ন্ত মল্লবৰুৱা পৰা কোটি টকা ললোঁ বুলি ৷ সেইবাবে মোক ২ লাখ নালাগে। বীৰ লাচিত সেনাৰ সৈনিক তথা অসম জনগণ আছে ৷
মই নিৰ্বাচন খেলিলে মোক নিশ্চয় সহায় কৰিব। শৃংখল চলিহাই কয়- ৰাজনীতি সদায় মৰ্যাদাপূৰ্ণ হ’ব লাগে। ৰাজনীতি নীতি আদৰ্শ ভিত্তিক হ’ব লাগে ৷ এনে টুলুঙা কথা বতৰা বিলাকে ৰাজনীতিৰ মূল্যবোধ তললৈ নমাই নিয়ে ৷ অনুগ্ৰহ কৰি এনেকুৱা ধৰণৰ কথা বতৰাৰে ৰাজনীতিৰ মূল্যবোধ ৰক্ষা কৰিবলৈ শৃংখল চলিহাই সকলো পক্ষকে আহ্বান জনায় ৷
চলিহাই কয় কোন বিজেপিৰ দালাল, কোন কংগ্ৰেছৰ দালাল, কোন বাংলাদেশীৰ দালাল এইবোৰ কথা অসমৰ জনসাধাৰণে বিচাৰ কৰিব। মই সকলোকে অনুৰোধ জনাইছোঁ ৰাজনীতিত যিটো মূল্যবোধ আছে, সেইটো যাতে তললৈ নাযায়, তাক ৰক্ষা কৰিবলৈ সকলো পক্ষকে তেওঁ অনুৰোধ জনায়। তেওঁ কয়- মই শৃংখলা নহয় মই সৰু পৰা উৎপতিয়া।
উল্লেখ্য যে, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত এইবুলি মন্তব্য কৰিছিল যে— একাংশই জাতীয়তাবাদৰ মুখাপিন্ধা বিজেপিৰ দালালি কৰিছে ৷ নামনি অসমৰ মুছলমান মানুহক জয় আই অসম কবলৈ শিকাইছো ৷ মুছলমান মানুহক মাৰপিত কৰি সাম্প্ৰদায়িক এ আই ইউ ডি এফলৈ যাবলৈ এৰি দিব লাগে নেকি ৷
অখিল গগৈয়ে কয়- নৈৰাজ্যবাদী, উশৃঙ্খল, ভয়ানক, অসম বিদ্বেষী, জাতিগঠনৰ বিৰুদ্ধাচৰণৰ কাম কোনো মানুহে কৰাটো উচিত নহয় ৷ এইবোৰ কামে চৰকাৰক সহায় কৰে ৷ বিজেপিক সহায় কৰে ৷ বিধায়ক অখিল গগৈয়ে কয়- শৃংখল চলিহাই মোক ২০২১ চনত সহায় কৰিছিল।
শৃংখলক মই ভাল পাওঁ, দেউতাকক মই মোৰ দেউতা বুলি ভাবোঁ, মাকক মোৰ মা বুলি ভাবো। য’তে দেখো তেওঁৰ মাতৃক ভৰিত ধৰি সেৱা কৰোঁ ৷ শৃংখল মোৰ ভাই ৷ মই শৃংখলৰ ভাল হোৱাটো বিচাৰো ৷ শৃংখল এটা দলত যোগদান কৰি শৃংখলা হওঁক।
শিৱসাগৰত যদি লুৰীণজ্যোতি গগৈৰ দলৰ পৰা শৃংখলে নিৰ্বাচন খেলে মই ২ লাখ টকা দি সহায় কৰিম। যিদিনা মনোনয়নপত্ৰ দিয়ে সেইদিনা মই ঘৰত গৈ ২লাখ টকা দি থৈ আহিম বুলি অখিল গগৈয়ে মন্তব্য কৰিছিল ৷
ইফালে জিলাখনৰ জনসাধাৰণৰ মাজত দুয়োগৰাকী নেতাৰ বিতৰ্কই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ এনে বিতৰ্কই জিলাখনৰ প্ৰধান সমস্যা আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ প্ৰসংগ তল পেলাব বুলি জনসাধাৰণে মন্তব্য কৰিছে ৷
জনপ্ৰতিনিধি আৰু জাতীয় সংগঠনৰ নেতাৰ বাক যোদ্ধই আচলতে শিৱসাগৰৰ উন্নয়নত কিমান সহায় কৰিব তাকলৈ সৰ্বত্ৰ আলোচনা চলিছে ৷ ঐতিহাসিক সম্পদেৰে ভৰপূৰ শিৱসাগৰক পৰ্যটনক্ষেত্ৰ ৰূপে গঢ়াৰ সংগ্ৰাম কোনে কৰিব ই হৈ পৰিছে লাখটকীয়া প্ৰশ্ন ৷