বৰ্ণ বৈষম্যৰ পৰা কিদৰে মুক্ত হ'ব? দিল্লী আৰক্ষীৰ আয়ুক্ত ৰবিন হিবুৱে দিলে পৰামৰ্শ...

robin hibu
robin hibu

ডিজিটেল ডেস্কঃ দিল্লীকে ধৰি দেশৰ আন আন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীকে ধৰি বিভিন্ন লোকে প্ৰায়ে বৰ্ণ বৈষম্যৰ বলি হৈ অহাৰ কথা নতুন নহয়। প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে এনে বৰ্ণ বৈষম্যৰ ঘটনাই। এনে বৰ্ণ বৈষম্যৰ ঘটনাৰ পৰা কিদৰে ৰক্ষা পাব পাৰি সেই প্ৰশ্নৰ উত্তৰ দিলে দিল্লী আৰক্ষীৰ আয়ুক্ত ৰবিন হিবুৱে।

অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে দিল্লীত অনুষ্ঠিত কৰা 'দ্যা কনক্লেভ ২০২২'ৰ দ্বিতীয় দিনটোৰ প্ৰথমখন আলোচনাৰ বিষয় আছিল উত্তৰ পূৰ্বাঞ্চলীয় লোকে 'কিদৰে বৰ্ণ বৈষম্য আৰু সমস্যাৰ বিৰুদ্ধে মোকাবিলা কৰিব?' এই আলোচনাত অংশগ্ৰহণ কৰি ৰবিন হিবুৱে অভিজ্ঞতা আৰু নিজ চিন্তাৰে নিজা মতামত আগবঢ়ায়।

প্ৰতিদিন টাইমৰ যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞাই আঁতধৰা এই আলোচনা সত্ৰত তেওঁ কয়- উত্তৰ পূৰ্বাঞ্চল বহু সময়ত দুৰ্ভাগ্যজনক কাৰণত সংবাদ শিৰোনাম দখল কৰে। ভাৰতৰ মূল ভূখণ্ডৰ পৰা আমি ভৌগোলিক ভাৱে দূৰত্বত থকাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে দেশৰ অন্য প্ৰান্তৰ লোকসকল বৰ বিশেষ জ্ঞাত নহয়।

তেওঁ কয় উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ জীৱন ধাৰণ শৈলী, ভাষা ভাৰতৰ অন্যান্য ৰাজ্যৰ সৈতে পৃথক। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীকে ধৰি অন্যান্য কৰ্মত নিয়োগ নিয়োজিত হোৱা লোকসকলক বহিঃৰাজ্যলৈ যোৱাৰ পূৰ্বে দক্ষতাৰ কিছু প্ৰশিক্ষণ দিয়া হয় যদিও পৰৱৰ্তী সময়ত তেওঁলোকক পৰ্যবেক্ষণত নৰখাত সেই দক্ষতাৰ প্ৰশিক্ষণৰ উদ্দেশ্য ব্যৰ্থ হয়।

তেওঁ বহিঃৰাজ্যত উত্তৰ পূৰ্বাঞ্চলীয় লোকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিবলৈ গৈ কয় যে, অসংগঠিত কাৰ্যপন্থা, পৰ্যবেক্ষণ ব্যৱস্থা, মূল সুঁতিৰ ভাৰতৰ সামাজিক ব্যৱস্থাৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল এতিয়াও অভ্যস্ত হ'বলৈ পৰা নাই। এই সমস্যা সমূহৰ পৰা মুক্ত হ'বলৈ শিক্ষাৰ্থী তথা অন্যান্য লোকসকলে সেই সেই ৰাজ্যত থকা নিজ ৰাজ্যৰ সংস্থা, সংগঠনৰ সৈতে যোগাযোগ ৰাখিব পাৰে বুলিও মন্তব্য কৰে।

তেওঁ ৩০ বছৰে আৰক্ষীত থাকি অৰ্জন কৰা অভিজ্ঞতাৰ কথা উল্লেখ কৰি কয় যে, তেওঁ নিজেও বহু সময়ত বৰ্ণ বৈষম্যকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে সন্মুখীন হৈ অহা সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। তেওঁ দেশৰ অন্য প্ৰান্তত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে সন্মুখীন হৈ অহা সমস্যাৰ ক্ষেত্ৰত কোনোবাখিনিত নিজৰো ভুল আছেনেকি বুলি মন্তব্য কৰি কয়, আমি দেশৰ অন্য প্ৰান্তৰ চহৰৰ সৈতে, সেই চহৰৰ পৰিৱেশ আৰু সমাজ ব্যৱস্থাৰ সৈতে মিলিব নোৱাৰো নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলক য'তেই থাকে সেই অঞ্চলৰে ভাষা, সংস্কৃতি, জীৱন শৈলী আয়ত্ব কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে সেই অঞ্চলৰ লোকসকলকো উত্তৰ পূৰ্বাঞ্চলৰ ভাষা, সংস্কৃতি আৰু জীৱন শৈলীৰ ধাৰণা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে। প্ৰয়োজনত তেওঁ উত্তৰ পূৰ্বৰ লোকক আন ৰাজ্যৰ সংস্কৃতিৰ লগত বিলীন হৈ যাবলৈ দিয়াৰ লগতে সময়ে সময়ে সেই সেই ৰাজ্যৰ লোকক বিহুকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ সৈতে জড়িত কৰি ল'বলৈও পৰামৰ্শ আগবঢ়ায়।

আনহাতে বহিঃৰাজ্যত থকা অসম ভৱন, অৰুণাচল ভৱন আদিৰ দৰে ভৱন বোৰেও উ্তৰ পূবৰ লোকসকলে সন্মুখীন হৈ অহা সমস্যাৰ সমাধান কৰিব পাৰে বুলি উল্লেখ কৰি কয়, এই ভৱন বোৰ উত্তৰ পূৱৰ লোকসকলক সকলো সময়তে সহায় আৰু সহযোগিতা আগবঢ়াবলৈ সাজু থাকিব লাগে। বিশেষকৈ স্বাস্থ্য জনিত কাৰণত বহিঃৰাজ্যলৈ যোৱা লোকক ৰক্ত দান, স্বাস্থ্য মিত্ৰ আদিৰ ব্যৱস্থা কৰি দিয়াত আগভাগ ল'ব লাগে।

আলোচনাৰ শেষত তেওঁ বৰ্ণ বৈষম্যৰ পৰা পৰিত্ৰাণ পাবলৈ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ বাবে পৰামৰ্শ আগবঢ়ায় কয় যে,- সকলো মানুহেই মানুহক ভাল পাই, তাৰ মাজতেই থাকে এনে একাংশ লোক থাকে যিয়ে বৰ্ণ বাদৰ পৃষ্ঠপোষকতা কৰে। ইয়াৰ অন্তৰালত সেই লোকসকলৰ শিক্ষাৰ আৰু সজাগতাৰ অভাৱ। সেয়ে তেনে লোকৰ কথাক গুৰুত্ব নিদিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰয়োজনত আইনৰ সহায় ল'বলৈও আহ্বান জনাই।

আনহাতে উগ্ৰ জাতীয়তাবাদে উত্তৰ পূৰ্বাঞ্চলীয় লোকক বহু ক্ষেত্ৰত বিপদত পেলোৱাৰ লগতে ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত পিছুৱাই ৰাখিছে নেকি বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,- উত্তৰ পূৰ্বাঞ্চলীয় লোকসকল যি পৰিৱেশত ডাঙৰ দীঘল হৈছে সেই পৰিৱেশে এই অঞ্চলৰ লোকসকলক সাংস্কৃতিক ভাৱে অধিক শক্তিশালী কৰিছে। ক'ৰবাত যদি আমি পিছ পৰি আছো সেয়া উগ্ৰ জাতীয়তাবাদৰ বাবে নহয়, আমাৰ নিজৰ ভুলৰ বাবেই হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in