কোন বিষয়ত কিমান ছাত্ৰ- ছাত্ৰীয়ে পালে লেটাৰ...

সাধাৰণ গণিতত ১৭,৭৪৫ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে ৮০ৰ উৰ্ধত নম্বৰ। তাৰোপৰি সাধাৰণ বিজ্ঞান বিষয়ত ২৮,৩১৮ গৰাকী পৰীক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰিছে। 

author-image
Asomiya Pratidin
New Update
web ap letter

ডিজিটেল ডেস্ক : এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত ৮০ৰো অধিক অৰ্থাৎ লেটাৰ মাৰ্ক লাভ কৰিছে ২০,০৭৮গৰাকী ছাত্ৰ- ছাত্ৰীয়ে। একেদৰে ঐচ্চিক গণিত বিষয়ত ৮৪৫৯ গৰাকী পৰীক্ষাৰ্থীয়ে লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

আনহাতে সংস্কৃত বিষয়ত লেটাৰ মাৰ্ক পোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৩৩৫৫ গৰাকী। বুৰঞ্জী আৰু ইতিহাস বিষয়ত লেটাৰ মাৰ্ক পোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ক্ৰমে ৮৩১ আৰু ৬২২৪ গৰাকী। 

একেদৰে সাধাৰণ গণিতত ১৭,৭৪৫ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে ৮০ৰ উৰ্ধত নম্বৰ। তাৰোপৰি সাধাৰণ বিজ্ঞান বিষয়ত ২৮,৩১৮ গৰাকী পৰীক্ষাৰ্থীয়ে লেটাৰ নম্বৰ লাভ কৰিছে। 

সমাজ বিজ্ঞানতো ১২,৩২১ গৰাকী পৰীক্ষাৰ্থীয়ে ৮০ৰ উৰ্ধত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে হিন্দী বিষয়ত লেটাৰ পোৱা ছাত্ৰ- ছাত্ৰীৰ সংখ্যা হৈছে ২,২২৮ গৰাকী। 

উল্লেখযোগ্য যে, এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৪,২৯,৪৪৯গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। ইয়াৰে লেটাৰ নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ১,৬৮,৩১২গৰাকী।

HSLC Result hslc