২০২৩-২৪ বিত্তীয় বৰ্ষত ১.২৭ লাখ কোটি টকালৈ বৃদ্ধি দেশৰ প্ৰতিৰক্ষা উৎপাদন

'মেক ইন ইণ্ডিয়া'ৰ অধীনত বিগত ১০ বছৰত ১৭৪% বৃদ্ধি পাইছে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন। ২০২৩-২৪ বিত্তীয় বৰ্ষত ১.২৭ লাখ কোটি টকালৈ হৈছে এই বৃদ্ধি। সম্প্ৰতি প্ৰতিৰক্ষা ৰপ্তানি ৩০ গুণ বৃদ্ধি পাই হৈছেগৈ ২১,০৮৩ কোটি টকা।

author-image
Asomiya Pratidin
New Update
 বৃদ্ধি পাইছে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন

বৃদ্ধি পাইছে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন

ডিজিটেল ডেস্ক: 'মেক ইন ইণ্ডিয়া'ৰ অধীনত বিগত ১০ বছৰত ১৭৪% বৃদ্ধি পাইছে ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন। ২০২৩-২৪ বিত্তীয় বৰ্ষত ১.২৭ লাখ কোটি টকালৈ হৈছে এই বৃদ্ধি। সম্প্ৰতি প্ৰতিৰক্ষা ৰপ্তানি ৩০ গুণ বৃদ্ধি পাই হৈছেগৈ ২১,০৮৩ কোটি টকা। প্ৰতিৰক্ষা বাজেট ২০১৩-১৪ চনত ২.৫৩ লাখ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ৬.৮১ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। এই বৃদ্ধিয়ে আত্মনিৰ্ভৰশীলতা, উদ্ভাৱন আৰু প্ৰতিৰক্ষা উৎপাদন আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক লাভান্বিত কৰিছে। পিআইবিৰ এক প্ৰতিবেদন অনুসৰি "মেক ইন ইণ্ডিয়া" পদক্ষেপে ভাৰতক বিশ্বৰ প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে বিদেশী যোগানকাৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিছে। লগতে সামৰিক কৌশলে অত্যাধুনিক অস্ত্ৰ ব্যৱস্থাৰ কৰি উন্নতি ত্বৰান্বিত কৰিছে। ইফালে ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহৰ নিয়োজিতকৰণত সহায় কৰিছে

Advertisment

ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগ দ্ৰুত বৃদ্ধিৰ ট্ৰেজেক্টৰীত আছে। কৌশলগত নীতি, প্ৰযুক্তিগত উন্নতি আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ দ্বাৰা ইয়াক ইন্ধন যোগোৱা হৈছে। যাৰবাবে মেক ইন ইণ্ডিয়াৰ পদক্ষেপে দেশখনক আত্মনিৰ্ভৰশীলতাৰ দিশত আগুৱাই লৈ গৈছে। প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বব্যাপী স্থান বৃদ্ধি কৰিছে। ২০২৯ চনৰ বাবে অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰি ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক সমৃদ্ধি দুয়োটাকে শক্তিশালী কৰি প্ৰতিৰক্ষা উৎপাদনৰ অগ্ৰণী কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলৈ সাজু হৈছে।

একেদৰে, ভাৰত চৰকাৰে দেশৰ প্ৰতিৰক্ষা সামৰ্থ্য আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।  এই বৃদ্ধি ভাৰতৰ সামৰিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভৰ বহল প্ৰচেষ্টাৰ অংশ। আধুনিকীকৰণৰ এটা ডাঙৰ উন্নয়নৰ দিশ হৈছে, শেহতীয়াকৈ ভাৰত ফৰ্জ আৰু টাটা এডভান্সড চিষ্টেমছৰ সহযোগত ডি আৰ ডি অ’ই ডিজাইন কৰা এডভান্সড ট’ৱেড আৰ্টিলাৰী গান চিষ্টেম (এ টি এ জি এছ) ক্ৰয়ৰ বাবে কেবিনেট কমিটি অন ছিকিউৰিটিয়ে (চি চি এছ) অনুমোদন জনোৱা। এই চুক্তিত ১৫৫ মিমি/৫২ কেলিবাৰ বন্দুকৰ ৩০৭ ইউনিট আৰু ৩২৭টা হাই মবিলিটি ৬×৬ গান ট’ইং বাহন অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত “ভাৰতীয় ক্ৰয় কৰিব –খিলঞ্জীয়াভাৱে ডিজাইন কৰা, বিকশিত, আৰু নিৰ্মিত” (আইডিডিএম) শিতানৰ অধীনত ১৫টা আৰ্টিলাৰী ৰেজিমেণ্টৰ অগ্নিশক্তি বৃদ্ধি কৰা হৈছে। এই ক্ৰয়ৰ আনুমানিক ব্যয় পৰিমান ৭ হাজাৰ কোটি টকা।

প্ৰতিৰক্ষা মন্ত্ৰণালয় indian defence ministry Department of Defence