/asomiyapratidin/media/media_files/2025/06/08/pW3qgtFwlgrARILq0NaK.jpg)
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ নিৰ্বাচনত বিজেপিয়ে কেনেকৈ জয় লাভ কৰিছিল সেই সন্দৰ্ভত শেহতীয়াকৈ ৰাহুল গান্ধীয়ে মহাভিযোগ উত্থাপন কৰিছে। ৰাহুল গান্ধীয়ে কয় যে, ফিক্সিং কৰি মহাৰাষ্ট্ৰ দখল কৰিছিল বিজেপিয়ে। এক লেখাৰ জৰিয়তে ৰাহুল গান্ধীয়ে তন্ন তন্নকৈ এই মহাভিযোগ উত্থাপন কৰাৰ পিছতে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এই লেখাত ৰাহুল গান্ধীয়ে বহু কেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। আৰু ইয়াৰ উত্তৰ দিছে দেশৰ নিৰ্বাচন আয়োগে। গান্ধীৰ অভিযোগ নাকচ কৰি আয়োগে ৰাহুল গান্ধীয়ে অনা অভিযোগসমূহ অস্বীকাৰ কৰি নিৰ্বাচন আয়োগে কয়- দেশৰ নিৰ্বাচনৰ প্ৰস্তুতি এক দীঘললীয়া প্ৰক্ৰিয়াৰ মাজেৰে সম্পন্ন হয়।
ভোটগ্ৰহণৰ প্ৰস্তুতি, ভোটগ্ৰহণ আৰু ভোটগণনাৰ প্ৰক্ৰিয়াত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ অনুমোদিত প্ৰতিনিধি উপস্থিত থাকে। শীৰ্ষ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়লৈকে দল-প্ৰাৰ্থীৰ অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন হোৱা নিৰ্বাচনত কোনোধৰণৰ অনিয়মৰ সুযোগ নাথাকে বুলি আয়োগে স্পষ্ট কৰি দিয়ে।
উল্লেখযোগ্য যে,বিজেপিয়ে গণতন্ত্ৰক দুৰ্বল কৰিবলৈ চেষ্টা বুলি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰি লিখিছে- যদিও পূৰ্বৰ কিছু নিৰ্বাচনৰ ফলাফল অদ্ভুত যেন লাগিছিল তথাপিও ২০২৪ৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল স্পষ্টভাৱে অদ্ভুত আছিল। এই নিৰ্বাচনত জালিয়াতিৰ পৰিমাণ ইমান বৃহৎ আছিল যে, ইয়াক গোপনে ৰখাৰ সকলো প্ৰচেষ্টাৰ পিছতো, চৰকাৰী পৰিসংখ্যাৰ পৰাই এই জালিয়াতি প্ৰমাণ হয়। বেচৰকাৰী তথ্যৰ উৎসৰ ওপৰত নিৰ্ভৰ নকৰাকৈ এই জালিয়াতিক স্তৰে স্তৰে (step-by-step) তলত প্ৰকাশ কৰিছো।
ৰাহুল গান্ধীয়ে কেইবাটাও কাৰণ দৰ্শাইছে। তেও তন্নকৈ তন্নকৈ লিখিছে এনেদৰে-
স্তৰ-১: আম্পায়াৰ (পৰিচালক) নিযুক্তিৰ বাবে পেনেল প্ৰস্তুত
২০২৩ চনৰ নিৰ্বাচন আয়ুক্ত নিযুক্তি আইনৰ দ্বাৰা নিশ্চিত কৰা হৈছিল নিৰ্বাচন আয়ুক্তসকলক প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ দ্বাৰা ২:১ সংখ্যাগৰিষ্ঠতাৰে নিৰ্বাচিত কৰা হ’ব, ইয়াত তৃতীয় সদস্যগৰাকী বিৰোধী দলৰ নেতা, যি সংখ্যালঘু। যাক ভোটেৰে পৰাজিত কৰিব পৰা যায়।এই ভদ্ৰলোকবোৰো হৈছে সেই প্ৰতিযোগিতাৰে শ্ৰেষ্ঠ প্ৰতিযোগী যাৰ আম্পায়াৰ বাছনি কৰা হৈছে। বাছনি কমিটীত মুখ্য ন্যায়াধীশৰ সলনি এজন কেবিনেট মন্ত্রীক স্থান দিয়াৰ সিদ্ধান্তটো বিশ্বাসযোগ্য নহয়। নিজকে সোধক, কিয় এনে গুৰুত্বপূর্ণ প্ৰতিষ্ঠানত এক নিৰপেক্ষ মধ্যস্থতাক বা ন্যায়াধীশক আঁতৰাবলৈ কোনোবাই এইদৰে চেষ্টা কৰিব? এই প্রশ্ন সুধাৰ অৰ্থই হৈছে ইয়াৰ উত্তৰ লাভ কৰা।
স্তৰ-২: ভুৱা ভোটাৰেৰে ভোটাৰ তালিকা ভৰাই তোলা
নিৰ্বাচন আয়োগৰ তথ্যই দেখুৱাইছে যে ২০১৯ৰ বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত পঞ্জীয়নকৃত ভোটাৰৰ সংখ্যা আছিল ৮.৯৮ কোটি। যি পাঁচ বছৰ পিছত ২০২৪ ৰ মে’ত লোকসভা নিৰ্বাচনৰ সময়ত ৯.২৯ কোটিলৈ বৃদ্ধি পাইছিল। কিন্তু মাত্ৰ পাঁচ মাহৰ পিছতে, ২০২৪ৰ নৱেম্বৰ মাহত বিধানসভা নিৰ্বাচনৰ সময়ত এই সংখ্যা ৯.৭০ কোটিলৈ বৃদ্ধি হয়। পাঁচ বছৰত ৩১ লাখৰ ধীৰ বৃদ্ধি, তাৰ পিছত মাত্ৰ পাঁচ মাহত ৪১ লাখৰ জাপ! এই জাপ ইমান অবিশ্বাস্য আছিল যে, ৯.৭০ কোটি পঞ্জীয়নকৃত ভোটাৰৰ সংখ্যা চৰকাৰৰ নিজা অনুমান অনুসৰি মহাৰাষ্ট্ৰৰ ৯.৫৪ কোটি প্ৰাপ্তবয়স্কতকৈও অধিক আছিল!
স্তৰ-৩: বৃদ্ধি কৰা ভোটাৰৰ ভিত্তিৰ ওপৰত ভোটাৰৰ উপস্থিতিৰ পৰিসংখ্যা বৃদ্ধি কৰা
মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ত বেছিভাগ অংশগ্ৰহণকাৰী আৰু পৰ্যবেক্ষকৰ বাবে ভোটদানৰ দিনটো সম্পূৰ্ণ স্বাভাৱিক যেন লাগিছিল। অন্যান্য ঠাইৰ দৰে, ভোটাৰসকলে শাৰী পাতি ভোট দি ঘৰলৈ উভতি গৈছিল। যিসকল ভোটাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত ভোটকেন্দ্ৰত প্ৰৱেশ কৰিছিল, তেওঁলোকক ভোট দিয়াৰ অনুমতি দিয়া হৈছিল। কোনো ভোটকেন্দ্ৰত অস্বাভাৱিক দীঘলীয়া শাৰী বা ভিৰৰ খবৰ পোৱা নগৈছিল।
কিন্তু নিৰ্বাচন আয়োগৰ মতে, ভোটদানৰ দিনটো আছিল বহু বেছি নাটকীয়। সন্ধিয়া ৫ বজাত ভোটাৰৰ উপস্থিতি আছিল ৫৮.২২ শতাংশ। কিন্তু ভোটদান বন্ধ হোৱাৰ পিছতো ভোটাৰৰ উপস্থিতি ক্ৰমাগতভাৱে বাঢ়ি গৈছিল। চূড়ান্ত উপস্থিতি পৰৱৰ্তী পুৱা ঘোষণা কৰা হৈছিল, যি আছিল ৬৬.০৫ শতংশ। এই অভূতপূৰ্ব ৭.৮৩ শতাংশ বৃদ্ধি ৭৬ লাখ ভোটাৰৰ সমান। যি মহাৰাষ্ট্ৰৰ পূৰ্বৰ বিধানসভা নিৰ্বাচনতকৈ বহুত বেছি।
বছৰ প্ৰাৰম্ভিক উপস্থিতি (%) চূড়ান্ত উপস্থিতি(%) পাৰ্থক্য(%)
২০০৯ ৬০.০০ ৫৯.৫০ -০.৫০
২০১৪ ৬২ ৬৩.০৮ ১.০৮
২০১৯ ৬০.৪৬ ৬১.১০ ০.৬৪
২০২৪ ৫৮.২২ ৬৬.০৫ ৭.৮৩
স্তৰ-৪: লক্ষ্যভিত্তিক ভুৱা ভোটৰ দ্বাৰা বিজেপিক কৰিলে ব্ৰেডমেন
মহাৰাষ্ট্ৰত প্ৰায় ১ লাখ ভোটকেন্দ্ৰ আছে, কিন্তু অধিকাংশ অতিৰিক্ত ভোটাৰ কেৱল ৮৫ টা সমষ্টিৰ ১২,০০০ ভোটকেন্দ্ৰতহে লক্ষ্য কৰা হৈছিল। য’ত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে পূৰ্বৰ লোকসভা নিৰ্বাচনত দুৰ্বল প্ৰদৰ্শন কৰিছিল। প্ৰতিটো ভোটকেন্দ্ৰত গড়ে ৬০০ ৰো অধিক ভোটাৰ সন্ধিয়া ৫ বজাৰ পিছত যোগ হৈছিল। ধৰি লোৱা হ’ল যে, প্ৰতিজন ভোটাৰক ভোট দিয়াৰ বাবে এক মিনিট সময় লাগে, তেন্তে তেওঁলোকৰ বাবে ভোটদান ১০ ঘণ্টা ধৰি চলিব লাগিব। যিহেতু তেনে হোৱা নাই, সেয়ে প্ৰশ্ন উত্থাপন হয়- অতিৰিক্ত ভোটবোৰ কেনেকৈ দিয়া হৈছিল? আচৰিত নহয় নে, নেচনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)য়ে এই ৮৫টা সমষ্টিৰ বেছিভাগতে জয়লাভ কৰিছিল!
নিৰ্বাচন আয়োগে ভোটাৰৰ এই তীব্ৰ বৃদ্ধিক যুৱ ভোটাৰৰ অংশগ্ৰহণৰ এক আদৰণিয় প্ৰৱণতা বুলি বৰ্ণনা কৰিছিল। স্পষ্টতভাৱে, এই আদৰণিয় প্ৰৱণতা ১২,০০০ ভোটকেন্দ্ৰতে সীমাবদ্ধ আছিল। বাকী ৮৮,০০০ ভোটকেন্দ্ৰত অৱশ্যে নাছিল। ইয়ো এক মজাৰ কৌতুক হ’লহেঁতেন, যদিহে ই দুঃখজনক নহ’লহেঁতেন।
তেনে এটা সমষ্টি ‘কামথি’ক সাধাৰণভাৱে অধ্যয়নৰ বাবে উদাহৰণ হিচাপে ল’ব পাৰি। ২০২৪ ৰ লোকসভা নিৰ্বাচনত, ভাৰতীয় জাতীয় কংগ্ৰেছে কামথিত ১.৩৬ লাখ ভোট লাভ কৰিছিল। আনহাতে বিজেপিয়ে ১.১৯ লাখ ভোট লাভ কৰিছিল। ২০২৪ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে ইয়াত ১.৩৪ লাখ ভোট পাইছিল, যি দলটোৰ পূৰ্বৰ লোকসভা নিৰ্বাচনৰ প্ৰদৰ্শনৰ সৈতে প্ৰায় একে। কিন্তু বিজেপিৰ ভোট ১.৭৫ লাখলৈ অৰ্থাৎ পূৰ্বৰ তুলনাত ৫৬,০০০ বৃদ্ধি হয়। এই উত্থান কামথি সমষ্টিত দুয়োটা নিৰ্বাচনৰ মাজত যোগ হোৱা ৩৫,০০০ নতুন ভোটাৰৰ পৰা আহিছিল। যিসকলে লোকসভাত ভোট দিয়া নাছিল সেই সকলো ভোটাৰ আৰু নতুনকৈ যোগ হোৱা ৩৫,০০০ ভোটাৰক কেৱল বিজেপিয়ে চুম্বকৰ দৰে আকৰ্ষিত কৰিলে। সেই চুম্বকৰ আঁৰৰ পদুমৰ ৰূপ চিনাক্ত কৰাটো কঠিন নহয়।
ওপৰৰ ১ৰ পৰা ৪ টা স্তৰত বিজেপিয়ে ২০২৪ ৰ বিধানসভাত ১৪৯ খন আসনৰ ভিতৰত ১৩২ খন আসনত জয়লাভ কৰিছিল। যি হাৰ সফলতাৰ ৮৯ শতাংশ। তেওঁলোকে পূৰ্বে বা যিকোনো ঠাইত লাভ কৰা সফলতাৰ তুলনাতকৈ বহুত বেছি। মাত্ৰ পাঁচ মাহ পূৰ্বে লোকসভা নিৰ্বাচনত বিজেপিৰ সফলতাৰ হাৰ আছিল ৩২ শতাংশ।
স্তৰ-৫: প্ৰমাণৰ সকলো পথ লুকুৱাই ৰখা
নিৰ্বাচন আয়োগে বিৰোধী দলৰ সকলো প্ৰশ্নৰ উত্তৰ নীৰৱতা আৰু আক্ৰমণাত্মকভাৱে দিছে। ২০২৪ ৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ বাবে ফটোসহ ভোটাৰ তালিকা উপলব্ধ কৰাৰ অনুৰোধক আয়োগে স্পষ্টকৈ নাকচ কৰিছিল। বিধানসভা নিৰ্বাচনৰ মাত্ৰ এমাহৰ পিছত, এটা ভোটকেন্দ্ৰৰ ভিডিঅ’গ্ৰাফী আৰু চিচিটিভি ফুটেজ শ্বেয়াৰ উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছত কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰি ১৯৬১ৰ নিৰ্বাচন পৰিচালনা নিয়মৰ ৯৩(২)(ক) ধাৰা সংশোধনেৰে চিচিটিভি ফুটেজ আৰু ইলেক্ট্ৰনিক ৰেকৰ্ডৰ প্ৰৱেশ সীমিত কৰিছিল।
নিৰ্বাচন পৰিচালনাৰ নিয়মৰ সংশোধন আৰু সংশোধনৰ সময় এই দুয়োটাই স্পষ্ট সংকেত বহন কৰে। শেহতীয়াকৈ একে বা নকল ই পি আই চি নম্বৰৰ উদ্ভৱে ভুৱা ভোটাৰৰ বিষয়ে উদ্বেগ বৃদ্ধি কৰিছে। যদিও এইটো সম্ভৱতঃ কেৱল হিমশিলাহে।
ভোটাৰ তালিকা আৰু চিচিটিভি ফুটেজ হৈছে গণতন্ত্ৰ শক্তিশালী কৰাৰ সঁজুলি, ই সজ্জাৰ বস্তু নহয়, গণতন্ত্ৰ উলংঘা হোৱাৰ সময়ত বন্ধ কৰি ৰখা হ’ব। কোনো ৰেকৰ্ড যে ধ্বংস কৰা হোৱা নাই ধ্বংস কৰিব নোৱাৰে সেই কথা নিশ্চিত হোৱাৰ অধিকাৰ ভাৰতৰ জনতাৰ আছে।
বহুতৰ মনত আশংকা আছে ৰেকৰ্ড পৰীক্ষা কৰিলে লক্ষ্য মাত্ৰাত ভোট মচি পেলোৱা বা ভোটকেন্দ্ৰ স্থানান্তৰৰ দৰে অন্য জালিয়াতিৰ প্ৰমাণো ওলাব পাৰে। এই নিৰ্বাচন জালিয়াতিৰ প্ৰক্ৰিয়া বছৰ বছৰ ধৰি চলি আছে বুলি আশংকা কৰা হৈছে। নিঃসন্দেহে, তথ্য পৰীক্ষা কৰিলে এনে কাৰ্যপদ্ধতি আৰু ইয়াৰ সৈতে জড়িত চৰিত্ৰসমূহৰ তালিকাও পোহৰলৈ আহিব। কিন্তু বিৰোধী দল আৰু জনসাধাৰণক এই তথ্যসমূহৰ কাষ চাপিব পৰা প্ৰতিটো পথত বাধা দিয়া হৈছে।
শেষত ৰাহুল গান্ধীয়ে লিখিছে- ২০২৪ ৰ নৱেম্বৰৰ মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ভোট জালিয়াতিয়ে কিয় ইমান তীব্ৰ ৰূপ ধাৰণ কৰিছিল, তাক অনুমান কৰাটো কঠিন নহয়। এই জালিয়াতি মেচ ফিক্সিঙৰ দৰে- ফিক্সিং কৰা দলটোৱে মেচ এখন জিকিব পাৰে, কিন্তু প্ৰতিষ্ঠান আৰু জনতাৰ ফলাফলৰ ওপৰত বিশ্বাস অপূৰণীয়ভাৱে ক্ষতিগ্ৰস্ত হয়। এনে মেচ ফিক্সিড নিৰ্বাচন যিকোনো গণতন্ত্ৰৰ বাবেই অতি ক্ষতিকাৰক।