ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও- ধিং-মৈৰাবাৰী সংযোগী গড়কাপ্তানী পথৰ খলিহামাৰিত সোমবাৰে বিয়লি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নগাঁও দিশৰ পৰা দ্ৰুত বেগত আহি থকা AS 01 EQ 6790 নম্বৰৰ এখন এম জি হেক্টৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা প্ৰকাণ্ড গছত খুন্দা মাৰে।
দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় মৈৰাবাৰী মহাবিদ্যালৰ বুৰঞ্জী বিভাগৰ অধ্যাপক দম্পতি ছামছুদ্দিন মজুমদাৰ আৰু ৰাইহানা জেছমিন। লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত দুয়োকে সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়লৈ প্রেৰণ কৰা হয়। অৱশ্যে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অধ্যাপিকা ৰাইহানা জেছমিনৰ মৃত্যু হয়। ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰে।