/asomiyapratidin/media/media_files/2025/04/18/LdPuKdsbAnqigOGfHbm0.jpg)
ডিজিটেল ডেস্ক : গুজৰাটতৰ পাটান জিলাৰ সামী ৰাধনপুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাত ৬গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছ আৰু এখন অট’ৰিক্সাৰ মাজত মুখামুখিকৈ খুন্দিয়াখুন্দি লগাত এই লোককেইগৰাকী নিহত হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নিহত কেউগৰাকী অট’ৰিক্সাখনৰ আৰোহী আছিল। বাছচালকে এখন বাহনক অ’ভাৰটেক কৰিবলৈ গৈয়ে অট’ৰিক্সাখনক খুন্দা মৰাত কেউগৰাকী ঘটনাস্থলীতে মৃত্যু হয়।