ক্ষেত্ৰী আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ম'হৰ শিং

মহানগৰীৰ ক্ষেত্ৰী আৰক্ষীয়ে ধোপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা নিয়মীয়া তালাচীত বুধবাৰে পুৱাৰ ভাগত এখন নৈশ বাছৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ ম'হৰ শিং। 

author-image
Asomiya Pratidin
New Update
bull

ডিজিটেল সংবাদ, গুৱাহাটী : মহানগৰীৰ ক্ষেত্ৰী আৰক্ষীয়ে ধোপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা নিয়মীয়া তালাচীত বুধবাৰে পুৱাৰ ভাগত এখন নৈশ বাছৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ ম'হৰ শিং। 

উজনি অসমৰ পৰা মহানগৰীলৈ অহা এ এছ ০৬ এন চি ০১১৯ নম্বৰৰ নৈশ বাছখনত তালাচী কৰাত দুটা বস্তাত অবৈধভাৱে সৰৱৰাহ কৰা ম'হৰ শিঙখিনি জব্দ কৰিবলৈ সক্ষম হয়। বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Assam police