Advertisment

হৰ্ণবিল ফেষ্টিভেল : পেৰুৰ সংগীত অনুষ্ঠানে মোহিত কৰিলে হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকক

মঙলবাৰে কোহিমাৰ নগা ঐতিহ্য গাঁও কিছামাত অনুষ্ঠিত ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
horn bill

ডিজিটেল সংবাদ, বেকাজান : মঙলবাৰে কোহিমাৰ নগা ঐতিহ্য গাঁও কিছামাত অনুষ্ঠিত ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে।  অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শেখাৱাটে কয়- এই উৎসৱ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত “উৎসৱৰ উৎসৱ”লৈ পৰিণত হৈছে। য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৈচিত্ৰ্যপূৰ্ণ সংগীত আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হৈছে। 

Advertisment

gjcgy

ইফালে  ২৫ সংখ্যক হৰ্ণবিল উৎসৱৰ তৃতীয় দিনত বাঁহ ষ্টিল্ট ৰেচ প্ৰতিযোগিতাত পুৰুষ শাখাত জয়লাভ কৰে ইমখিউং জনগোষ্ঠীৰ ছাংকিউৱে। কিছামাৰ নগা হেৰিটেজ ভিলেজত অনুষ্ঠিত হৰ্ণবিল ফেষ্টিভেলৰ ২৫ সংখ্যক সংস্কৰণৰ বাঁহ ষ্টিল্ট ৰেচ প্ৰতিযোগিতাৰ পুৰুষ শাখাত আজি য়িমখিউং জনগোষ্ঠীৰ পৰা ছাংকিউৱে জয়লাভ কৰে।  

fsdg

উল্লেখযোগ্য যে ৰাজ্যখনৰ যুৱ সম্পদ আৰু ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান।  মহিলা শাখাত এম টেমছুনাৰোৱে প্ৰথম স্থান লাভ কৰে।  পুৰুষ পৰ্যটক শাখাত আমেৰিকাৰ এলেক্সে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে মহিলা শাখাত আমেৰিকাৰ চাৰ্লটে প্ৰথম স্থান লাভ কৰে। 

horn bill

চাং, চাখেছাং খিয়ামনিউংগান, গাৰো, কন্যাক, লোথা জনগোষ্ঠীৰ চংলি চিয়া লোকগীত, আলংগে পৰম্পৰাগত মল্লযুঁজ, বাদে ডাকে না'আদে (লোকগীত) পাংয়ুহা লোক/লোকন্যু/নোক পংপু লোকনৃত্য য়াংটাপে দৰ্শকক মুগ্ধ কৰে। সন্ধিয়া জাপান আৰু পেৰুৰ সংগীত বেণ্ডে পৰিবেশন সংগীত হাজাৰ হাজাৰ পৰ্যটক মন্ত্ৰমুগ্ধ কৰে ।

হৰ্ণবিল মহোৎসৱ