ভুমিলেখ্য কৰ্মচাৰী সন্থাৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক অভিনন্দন

সদৌ অসম ভুমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ নগাঁও জিলা শাখাৰ উদ্যোগত দেওবাৰে নগাঁও জিলা পেঞ্চনাৰ সন্থাৰ সভাগৃহত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
ভুমিলেখ্য কৰ্মচাৰী সন্থাৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক অভিনন্দন

ভুমিলেখ্য কৰ্মচাৰী সন্থাৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক অভিনন্দন

ডিজিটেল সংবাদ ,নগাঁওঃ সদৌ অসম ভুমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ নগাঁও জিলা শাখাৰ উদ্যোগত দেওবাৰে নগাঁও জিলা পেঞ্চনাৰ সন্থাৰ সভাগৃহত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এইবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্তীৰ্ণ হোৱা নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়, নগাঁও সদৰ, কলিয়াবৰ, চামগুৰি, কামপুৰ, ধিং ৰাজহ চক্ৰত কৰ্মৰত ভুমিলেখ্য কৰ্মচাৰীৰ সন্তান সকলক অভিনন্দন জনোৱা হয়। 

Advertisment

সন্মিলনী নগাঁও শাখাৰ সভাপতি বিশ্বজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক ড : মিলন নেওগে শিক্ষাৰ্থী সকলক উদ্দেশ্য কৰি কয় যে বৰ্তমান সময়ত শিক্ষাৰ্থী সকল প্ৰতিযোগিতাৰ দৃষ্টিভংগীৰে নিজক প্ৰতিষ্ঠা কৰাৰ কৰ্মত ব্ৰতী হব লাগিব। ইয়াৰ বাবে শিক্ষাৰ্থী সকলক প্ৰয়োজন হব সঠিক পথৰ সন্ধান। এই পথৰ সন্ধান দিব পাৰে শিক্ষক-অভিভাৱকে। শিক্ষাৰ্থী সকলক নিজকে উপযুক্ত নাগৰিক হিচাবে গঢ়ি তুলি নিজৰ লগতে সমাজৰ বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ড: নেওগে। 

নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া ঋষিকেশ  বৰুৱাই ছাত্র - ছাত্ৰী সকলক এতিয়াতকৈ কঠোৰ পৰিশ্ৰম কৰিলেহে সফলতা লাভ কৰিব পাৰিব বুলি মন্তব্য কৰে। সন্মিলনীৰ নগাঁও শাখাৰ সাধাৰণ সম্পাদক জয়দেৱ ভুঞাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত জেষ্ঠ সাংবাদিক কনক হাজৰিকা মুৰুলী বৰুৱা, অপুৰ্ব হাজৰিকা , ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ ৰাজ্যিক সদস্য অকণ পাটৰ, নগাঁও শাখাৰ উপদেষ্টা গুণাৰাম বনিয়া, প্ৰেমকান্ত হাজৰিকা, সমাজকৰ্মী গুণকান্ত শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে। সন্মিলনীৰ অতুল বৰুৱাই আতধৰা অনুষ্ঠানত চন্দনা বেজবৰুৱাৰ পৰিচালনাত  নগাঁৱৰ স্নেহবন্ধন সাংস্কৃতিক মহিলা গোষ্ঠীয়ে সমবেত সংগীত পৰিবেশন কৰি সভাৰ শুভাৰম্ভ কৰে। সভাত নগাঁও জিলাৰ ভুমিলেখ্য কৰ্মচাৰী সকলৰ ১৫ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, শৰাই, স্মাৰক আৰু গ্ৰন্থৰে অভিনন্দন জনোৱা হয়। শলাগৰ শৰাই আগবঢ়াই সন্মিলনীৰ ক্ষীৰোদ হাজৰিকাই।

নগাঁও