'মেড ইন ইণ্ডিয়া'ৰ চিচিটিভি কেমেৰা মুকলি কৰিলে হানিৱেলে

প্ৰথমবাৰৰ বাবে হানিৱেলে মুকলি কৰিছে ভাৰতত নিৰ্মিত তথা ডিজাইন কৰা চিচিটিভি কেমেৰা পৰ্টফলিঅ’। নতুন দিল্লীত এই অভিনৱ কেমেৰা আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে

author-image
Asomiya Pratidin
New Update
ভাৰতত নিৰ্মিত প্ৰথমটো চিচিটিভি কেমেৰা পৰ্টফলিঅ’ মুকলি

ডিজিটেল ডেস্ক : প্ৰথমবাৰৰ বাবে হানিৱেলে মুকলি কৰিছে ভাৰতত নিৰ্মিত তথা ডিজাইন কৰা চিচিটিভি কেমেৰা পৰ্টফলিঅ’। নতুন দিল্লীত এই অভিনৱ কেমেৰা আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। লগতে উপস্থিত থাকে কেইবাগৰাকী শীৰ্ষ বিষয়া।

Advertisment

উল্লেখ্য যে, বেংগালুৰুস্থিত হানিৱেলৰ গ্ল’বেল ডেভেলপমেণ্ট চেণ্টাৰত নিৰ্মাণ কৰা এই কেমেৰাসমূহ ইণ্ডিয়ান ইলেক্ট্ৰনিক মেনুফেকচাৰিং চাৰ্ভিচেছ চমুকৈ ইএমএছে ভিভিডিএন টেকন’লজিছৰ সহযোগত নিৰ্মাণ কৰা হৈছিল।

এই সন্দৰ্ভত হানিৱেলৰ অধ্যক্ষ বিমল কাপুৰে কয় যে, আজিৰ এই কৰ্মৰাজি ভাৰতৰ বাবে কেইবাটাও দিশত উল্লেখনীয়। ভাৰতৰ উদ্ভাৱনীমূলক আৰু বুদ্ধিমত্তাসম্পন্ন সমাধানে ভৱিষ্যত গঢ় দিয়াত সহায় কৰিব। আজিৰে পৰা এইক্ষেত্ৰৰ লগত জড়িত সকলৰ দায়িত্ব বাঢ়িল।

অশ্বিনী বৈষ্ণৱ