ডিজিটেল ডেস্কঃ বিৰ্তক অব্যাহত থকাৰ মাজতে ইউ এছ টি এমৰ এক নতুন ঘোষণাক লৈ পুনৰ আৰম্ভ হৈছে তীব্ৰ চৰ্চা। শেহতীয়াকৈ মেঘালয়ৰ বিশ্ববিদ্যালয়খনে শিল্পী জুবিন গাৰ্গক সন্মানীয় ডক্টৰেট প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। কেৱল জুবিন গাৰ্গক নহয়, মেঘালয়ৰ সংগীতশিল্পী লিঅ’ মাজাওকো ইউ এছ টি এমে প্ৰদান কৰিব সন্মানীয় ডি লিট উপাধি। অহা ২৭আগষ্টত অনুষ্ঠিত হবলগীয়া দশম সমাৱৰ্তন অনুষ্ঠানত দুয়োগৰাকী শিল্পীকে প্ৰদান কৰা হ'ব এই সন্মান।
ইফালে, জুবিন গাৰ্গক ইউ এছ টি এমে ডক্টৰেট প্ৰদান কৰাক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ধাৰাহিকভাৱে কটাক্ষ কৰি থকাৰ সময়তে জুবিন গাৰ্গলৈ এই সন্মান আগবঢ়োৱাক লৈ একাংশই সন্দেহৰ গোন্ধ পাইছে। ইফালে আন একাংশই জুবিন গাৰ্গে ইউ এছ টি এমৰ পৰা ডক্টৰেট সন্মান লোৱাৰ পাছত অসমৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ অনুমতি নাইবা কোনো পৰীক্ষা দিব লাগিব নেকি বুলিও ধেমেলীয়াকৈ প্ৰশ্ন কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটীত কৃত্ৰিম বান সৃষ্টিৰ আঁৰৰ অন্যতম কাৰন ইউ এছ টি এম বুলি অভিহিত কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পৰিকল্পনাবিহীনভাৱে পাহাৰ কটাৰ ফলতে সেই পানী আহি গুৱাহাটীত ‘ফ্লাড জেহাদ’ৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ড০ শৰ্মাই লগতে ইউ এছ টি এমৰ শিক্ষাৰ্থীয়ে অসমত চাকৰি কৰিবলৈ অন্য এক পৰীক্ষাত অৱৰ্তীণ হব লাগিব বুলিও কৈছিল।
মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে ইউ এছ টি এম কৰ্তৃপক্ষই অসমৰ জুবিন গাৰ্গক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰা প্ৰসংগটোৱেও এতিয়া সামাজিক মাধ্যমত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।