/asomiyapratidin/media/media_files/2025/02/07/oMJnFEOiBFcq1Qy0qwSM.jpg)
কঠীয়াতলীত হোমেশ্বৰ হীৰা স্মাৰক বক্তৃতা অনুষ্ঠান
ডিজিটেল সংবাদ, কামপুৰ : শুকুৰবাৰে আজু নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু কঠীয়াতলী প্ৰেছ ক্লাৱৰ সহযোগত কঠীয়াতলী চাৰিআলিত প্ৰয়াত সাংবাদিক হোমেশ্বৰ হীৰা স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ আজুৰ নগাঁও জিলাৰ সভাপতি হৰেশ্বৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সাংবাদিক ছফিকুৰ ৰহমানে ৷
বয়োজ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰে বন্তি প্ৰজ্বলন কাৰৰ পিছতেই জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাই আদৰণী ভাষণ দিয়ে ৷ "সাম্প্ৰতিক সাংবাদিকতা, বিশ্বাস আৰু সংশয়" শীৰ্ষক বিষয় সন্দৰ্ভত বক্তৃতা অনুষ্ঠান আৰম্ভ হয় ৷
ৰাইজৰ বিশ্বাস আৰু আস্থা সাৰোগত কৰি সংবাদ সেৱা আগবঢ়োৱা সাংবাদিকসকলৰ বহু গুণ থকাটো অপৰিহাৰ্য ৷ প্ৰয়াত সাংবাদিক হোমেশ্বৰ হীৰাৰ জীৱন বুৰঞ্জীৰ চমু বিশ্লেষণ কৰি বাতৰি কাকত, দূৰদৰ্শন, প্ৰেছ মেডিয়া আৰু প্ৰিন্ট মিডিয়া সাংবাদিকৰ বিশ্বাস আৰু সংশয়ৰ ওপৰত বিশিষ্ট শিক্ষাবিদ শৰৎ বৰকটকীয়ে বক্তৃতা দিয়াৰ লগতে সত্যনিষ্ঠ আৰু নিৰপেক্ষতা বজাই বাতৰি পৰিবেশন কৰিবলৈ সাংবাদিকসকলক আহ্বান জনায় ৷
/asomiyapratidin/media/media_files/2025/02/07/Hr7uzA2yGKJratEw3kE5.jpg)
মুকলি সভাত মফচলীয় সাংবাদিকৰ দায়বদ্ধতা আৰু কষ্টৰ ওপৰত কিছু কথা ব্যক্ত কৰি বাতৰি কাকত আৰু বাতৰিৰ গুণাগুনৰ ওপৰত ভাৱগধুৰ বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই। তেওঁ অসমৰ সাংবাদিকসকল যেতিয়ালৈকে আৰ্থিকভাৱে সবল নহয়, তেতিয়ালৈকে সাংবাদিকৰ বিৰুদ্ধে উঠা অভিযোগ ৰোধ কৰিব পৰা নাযাব বুলি মন্তব্য কৰে।
লগতে সাংবাদিকৰ শত্ৰু সাংবাদিকেই বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়াই গৌতম শৰ্মাই। অসমৰ সকলো সাংবাদিক এক হ’লহে সাংবাদিকৰ সমস্যা সমূহ্ম সমাধান হ’ব বুলিও তেওঁ মন্তব্য কৰে।
সাহিত্য সভা আৰু অসমীয়া ভাষাৰ ওপৰত বহু কথা ব্যক্ত কৰি অসমীয়া ভাষাক আওকান কৰি ধ্ৰুপদী ভাষাক গুৰুত্ব দি বিজেপি চৰকাৰখনে বেয়া ৰাজনীতি কৰিছে বুলি উল্লেখ কৰি প্ৰয়াত সাংবাদিক হীৰাৰ সাংবাদিক পেঞ্চনটো মোকলাই দিব লাগে বুলি আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে দাবী জনায় ৷ নাথে হোমেশ্বৰ হীৰা অসমৰ মফচলিয় সাংবাদিক এগৰাকী যোদ্ধা আছিল বুলি মন্তব্য কৰে।
সভাত জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই সাংবাদিকতা আৰু ভাষা সাহিত্যৰ ওপৰত বক্তব্য ৰাখে ৷ সভাৰ মাজ ভাগতে ফুলাম গামোচা, চেলেং, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈক দিনবন্ধু বটাঁ,অৱসৰপ্ৰাপ্ত শিক্ষক, শিক্ষাবিদ নজিবুৰ ৰহমানক কৰ্মৰত্ন বঁটা, নগাঁৱৰ ৰাঙলু অঞ্চলৰ কৃষক তথা সমাজসেৱক আবুবক্কৰ চিদ্দিকক সমাজ হিতৈষী বঁটা প্ৰদান কৰে।
একেদৰে কঠীয়াতলী প্ৰেছ ক্লাৱৰ সম্পাদক অৰূপ বৰাক যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰাৰ লগতে প্ৰয়াত সাংবাদিক হোমেশ্ব হীৰাৰ পত্নী লক্ষীমাই হীৰাক আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে ৷ এই সভাতে কামপুৰৰ সাংবাদিক ৰূপ জ্যোতি ভূঞাৰ পিতৃ চন্দ্ৰ কান্ত ভূঞাৰ কিছুদিনৰ আগতে বিয়োগ হোৱাত নগাঁও জিলা আজুৰ তৰফৰ গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গৰ সমবেদনা জ্ঞাপন কৰি এক শোক প্ৰস্তাৱ প্ৰেৰণ কৰে।
সভাত সাহিত্যিক পেঞ্চনাৰ মোলান লস্কৰ,জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলাম ,ৰূপজ্যোতি ভূঞা আৰু যুৱ সাংবাদিক আমিনুল হককে প্ৰমুখ্যে কৰি বহু লোক উপস্থিত থাকে ৷