Advertisment

লেখিকা ড০ গীতালি শইকীয়ালৈ হোমেন বৰগোহাঞি ন্যাসৰ বঁটা

প্ৰথিতযশা ভাষাৰ খনিকৰ , স্বনামধন্য সাহিত্যিক , প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিৰ জন্ম জয়ন্তীৰ সতে সংগতি ৰাখি শনিবাৰে ৰাজ্যখনৰ এগৰাকী আত্মোৎস্বৰ্গী ব্যক্তিত্বক স্মাৰক বঁটা প্ৰদান কৰা হয়

author-image
Asomiya Pratidin
New Update
dfhf

ডিজিটেল সংবাদ ,ঢকুৱাখনা : প্ৰথিতযশা ভাষাৰ খনিকৰ , স্বনামধন্য সাহিত্যিক , প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিৰ জন্ম জয়ন্তীৰ সতে সংগতি ৰাখি শনিবাৰে ৰাজ্যখনৰ এগৰাকী আত্মোৎস্বৰ্গী ব্যক্তিত্বক স্মাৰক বঁটা প্ৰদান কৰা হয়। প্ৰয়াত কথা শিল্পী বৰগোহাঞিৰ জন্মভূমি ঢকুৱাখনাত অনুষ্ঠিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত বিশিষ্ট লেখিকা ডঃ গীতালি শইকীয়াৰ অতুল্য সুখপাঠ্য গ্ৰন্থ " বগলী সূতাৰ চাদৰখন"ৰ বাবে ২০২২-২০২৩ বর্ষৰ হোমেন বৰগোহাঞি সাহিত্য বঁটা  আগবঢ়োৱা হয় । 

Advertisment

হোমেন বৰগোহাঞি ন্যাসৰ তৰফৰ পৰা শনিবাৰে এই চতুৰ্থ দ্বি বাৰ্ষিক বঁটা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় । এই সন্দৰ্ভত ন্যাসৰ ভৱনত বিয়লি অনুষ্ঠিত কৰা হয় বঁটা প্ৰদান অনুষ্ঠান । ন্যাসৰ অধ্যক্ষ ডিম্বেশ্বৰ গগৈৰ সঞ্চালনাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে  সচিব সেৱক চুতীয়াই । 

বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ যুটীয়া সচিব অৰিন্দম বৰুৱা  , ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতা , ন্যাসৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তা ,নেতৃস্থানীয় ৰাইজ উপস্থিত থাকে । উল্লেখযোগ্য যে বিশিষ্ট  পৰিবেশ সচেতক প্ৰদীপ ভূঞাক  গোলকীয় উষ্ণতা বৃদ্ধিৰোধ , প্ৰদূষিত পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষা আৰু জনসজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত প্ৰতিৰোধ বাবে সন্তুলিত পদক্ষেপ গ্ৰহনেৰে নীৰৱ সেৱা আগবঢ়াই অহাৰ বাবে ২০২২-২০২৩ বর্ষৰ হোমেন বৰগোহাঞি সেউজ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল ।

কিন্তু বঁটাপ্ৰাপক ভূঞাৰ অনুপস্থিতিৰ বাবে তেওঁক আজিৰ অনুষ্ঠানত বঁটা প্ৰদান কৰিব পৰা নগ’ল । পৰৱৰ্তী সময়ত এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি সাহিত্য ক্ষেত্ৰৰ নিৰ্বাচিত বঁটা প্ৰাপক ডঃ শইকীয়াক ন্যাসে চেলেং চাদৰ, ফুলাম গামোচা , সম্বৰ্ধনা পত্ৰ , স্মাৰক বঁটা ,নগদ ধন ২৫ হাজাৰ টকা প্ৰদান কৰে । 

অনুষ্ঠানত সাহিত্যৰ বঁটা প্ৰাপক ডঃ শইকীয়াই প্ৰয়াত দিগগজ সাহিত্যিক গৰাকীৰ সৈতে কৰ্মজীৱনত অর্জন কৰা নিজস্ব সান্নিধ্যপূৰ্ণ অনুভৱ অনুভূতি প্ৰকাশেৰে বক্তব্য আগবঢ়ায় । উল্লেখযোগ্য যে ২০১২ বর্ষৰ ১৫জুনত আত্মপ্ৰকাশ কৰা হোমেন বৰগোহাঞি ন্যাসে ২০১৩ চনৰ পৰা(৪০বছৰ অনুৰ্ধ) সাহিত্য ,শিক্ষা শিতানত আৰু ২০১৬ চনৰ পৰা পৰিবেশ শিতানত স্মাৰক বঁটা প্ৰদান কৰি আহিছে । 

২০২২-২০২৩ বর্ষৰ ৪০বছৰ অনুৰ্ধ সাহিত্যিক বঁটাৰ বাবে ডঃ গীতালি শইকীয়া আৰু সেউজ বঁটাৰ বাবে প্ৰদীপ ভূঞাক ন্যাসে মনোনীত কৰাৰ পাছত শনিবাৰে বিশিষ্ট লেখিকা ডঃ শইকীয়াক স্মাৰক বঁটাৰে  সন্মানিত কৰে । বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰাপক ডঃ শইকীয়াৰ স্বামী সঞ্জীৱ ৰুচন তামুলীও উপস্থিত আছিল ।

dhakuakhana