বোকাখাতত শেষ শ্ৰদ্ধা জ্ঞাপন জেষ্ঠ সাংবাদিক প্ৰদ্যুৎ মহন্তলৈ

সোমবাৰে সন্ধ্যা বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত মৃত্যু হৈছিল বিশিষ্ট সাংবাদিক গৰাকীৰ

author-image
Asomiya Pratidin
New Update
বোকাখাতত শেষ শ্ৰদ্ধা জ্ঞাপন জেষ্ঠ সাংবাদিক প্ৰদ্যুৎ মহন্তলৈ

ডিজিটেল সংবাদ, বোকাখাত : মঙলবাৰে পুৱা বোকাখাতত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় জ্যেষ্ঠ সাংবাদিক প্ৰদ্যুৎ মহন্তলৈ । বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়, বোকাখাত নাট্য মন্দিৰ প্ৰাংগন, ইমজা-কাজিৰঙা নিউজ নেটৱৰ্ক কাৰ্যালয়, সাংবাদিক সন্থা কাৰ্যালয়, বালিজান মধ্য ইংৰাজী বিদ্যালয় আৰু আমটেঙা নতুন গাঁৱৰ নিজা বাসগৃহত শতাধিক গুনমুগ্ধই পুষ্পাঞ্জলীৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে জেষ্ঠ সাংবাদিক গৰাকীলৈ ।

Advertisment

দীৰ্ঘদিনৰে পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ সোমবাৰে সন্ধ্যা বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত নিয়তিৰ ওচৰত হাৰ মানে সাংবাদিক গৰাকীয়ে ।

উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো চেটেলাট চেনেল NE TVৰ যোগেদি সাংবাদিকতা আৰম্ভ কৰি মৃত্যু পৰ্যন্ত নিউজ ১৮ অসম নৰ্থ ইষ্টৰ বোকাখাতৰ সাংবাদিক হিছাপে কৰ্মৰত আছিল প্ৰয়াত মহন্ত । ইয়াৰ উপৰিও কেৱল সংবাদ জগতেই নহয় বৰং বিভিন্ন সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো অগ্ৰণী ভূমিকা গ্ৰহন কৰিছিল প্ৰদ্যুৎ মহন্তই ।

মৃত্যুৰ সময়ত সাংবাদিক গৰাকীৰ বয়স আছিল ৪৬ বছৰ । মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যা সন্তানক এৰি গৈছে সাংবাদিক গৰাকীয়ে । আজি আমটেঙা ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰয়াত প্ৰদ্যুৎ মহন্তৰ ।সাংবাদিক গৰাকীৰ মৃত্যু সমগ্ৰ বোকাখাতৰ বাবেই এক অপূৰণীয় ক্ষতি বুলি বিবেচনা কৰা হৈছে ।

bokakhat assam