/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7ca84e5f-55fe-42c6-b7f9-fae58e9d2969/7.jpg)
ডিজিটেল সংবাদ, টেঙাখাত: বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে টেঙাখাত আৰক্ষী থানা অধীনৰ নিজ টেঙাখাততো বুধবাৰে ইছলাম ধৰ্মী সম্প্ৰদায়ে পবিত্ৰ মহৰম উৎসৱ পালন কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া পুৰুষ মহিলা অগনণ লোকে নিজ টেঙাখাতস্থিত ইমামবাৰাত সকলোৰে মঙ্গলাৰ্থে বন্তি প্ৰজ্বলন কৰাৰ লগতে নিশা ৰাজহুৱা স্থানত বৃহৎ সংখ্যক পুৰুষ মহিলাৰ উপস্থিতিত তাজিৰা খেল প্ৰদৰ্শন কৰে ।
ইফালে বুধবাৰে পুৱাৰ পৰা ইমামবাৰাত মাঙ্গলিক কাৰ্য সমাপণৰ পিছতে দিনৰ পৰা দৃষ্টিনন্দন মাজাৰ শ্বৰিফ লগত লৈ পুৰুষ মহিলা সমন্বিতে বৃহৎ সংখ্যক লোকে টেঙাখাতৰ ৰাজপথেদি পবিত্ৰ শুভাযাত্ৰা কৰে। যাত্ৰাৰ পথত ইমাম হুচেইনৰ কোৰবানি স্মৰণ কৰি তাজিৰা খেল কৰি প্ৰায় ৩কিলোমিটাৰ দূৰত্বত অৱস্থিত কাৰাবালাস্থলিলৈ যাত্ৰা কৰে। যাত্ৰাৰ অন্তত সন্ধিয়া কাৰাবালাস্থলিত উপস্থিত হৈ মাংগলিক কাৰ্য সমাপণ কৰি কাৰ্যসূচী সামৰণি মাৰে। এই সম্পৰ্কে উদযাপন সমিতিৰ বিষয়ববীয়াৰ লগতে শিক্ষক তথা শুভাকাংক্ষী পলাশজ্যোতি শৰ্মাই ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us