/asomiyapratidin/media/media_files/2025/03/31/WzjEz0XOZRFSyz9JVqoQ.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : সমগ্ৰ দেশৰ লগতে ৰঙাপৰাতো এমহীয়া ৰোজাৰ অন্তত সোমবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি উলহ-মালহেৰে পালন কৰে পবিত্ৰ-ঈদ-উল-ফিটৰ । পৱিত্ৰ ঈদক লৈ ৰঙাপৰা চহৰখনৰ বাকী ঠাই সমূহতো পুৱাৰে পৰা এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে।
ঐক্য-সম্প্ৰীতিৰ উৎসৱ তথা পবিত্র ৰমজান মাহৰ অন্তিম দিনটোত ৰঙাপৰাৰ ঐতিহাসিক জামে মছজিদত ইছলাম ধৰ্মালম্বী লোকসকলে সমূহীয়া নামাজ আদায় কৰে। ত্যাগ, সংযমেৰে ৰমজান মাহৰ ৩০ টা ৰোজা ৰখাৰ অন্তত অতি উলহ-মালহেৰে পৱিত্ৰ ঈদ পালন কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে ইছলাম ধৰ্মাৱলম্বী ৰাইজে।
উল্লেখ্য যে ঈদ-উল-ফিতৰ হৈছে ইছলাম ধৰ্মালম্বী লোকসকলৰ অন্যতম এক উৎসৱ। পৱিত্ৰ ঈদৰ দিনটোত সমাজৰ পৰা অসূয়া অশান্তি নাশ কৰি সমাজত শান্তি, একতা আৰু ভাতৃত্ববোধৰ এনাজৰীডাল টনকিয়াল কৰি তোলাৰ বাবে আল্লাহৰ ওচৰত তাকেই কামনা কৰে ইছলাম ধৰ্মালম্বী ৰাইজে। ইফালে ঈদৰ নামাজ আদায় কৰাৰ অন্তত ইজনে-সিজনক আলিঙ্গণ কৰি ঈদ মােবাৰক জনায়।