Advertisment

কোকৰাঝাৰত পবিত্ৰ বাথৌ দিৱস উদযাপন...

কোকৰাঝাৰৰ বাগানশালীৰ বাথৌ ছানশালীত মঙলবাৰে উলহ-মালহেৰে বড়ো জনগোষ্ঠীৰ আদিম ধৰ্ম গৗথাৰ বাথৌ ছান অৰ্থাৎ পবিত্ৰ বাথৌ দিৱস উদযাপন কৰা হয় ৷ পুৱা মন্দিৰ প্ৰাংগনত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত পবিত্ৰ বাথৌ দিৱস উদযাপন

কোকৰাঝাৰত পবিত্ৰ বাথৌ দিৱস উদযাপন

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰৰ বাগানশালীৰ বাথৌ ছানশালীত মঙলবাৰে উলহ-মালহেৰে বড়ো জনগোষ্ঠীৰ আদিম ধৰ্ম গৗথাৰ বাথৌ ছান অৰ্থাৎ পবিত্ৰ বাথৌ দিৱস উদযাপন কৰা হয় ৷ পুৱা মন্দিৰ প্ৰাংগনত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

Advertisment

বড়ো সকলোৰ পৰম্পৰাগত ধৰ্ম বাথৌৰ ৰীতি নীতি অনুসৰি সিজু গছক পূজা অৰ্চনা কৰি সমূহীয়াভাৱে প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয়। উল্লেখ্য যে প্ৰতি বছৰৰ মাঘ মাহৰ দ্বিতীয় মঙ্গলবাৰৰ দিনাখন পবিত্ৰ বাথৌ দিৱস উদযাপন কৰা হয় ৷

মন্দিৰ প্ৰাংগনত উপস্থিত থকা  বিপিএফ দলৰ নেতা তথা বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে কয় যে বাথৌ ধৰ্ম বড়োসকলৰ আদিম ধৰ্ম ৷ সকলো জাতি-জনগোষ্ঠীৰে সুকীয়া সুকীয়া ধৰ্ম, কলা-সংস্কৃতি আছে ৷ তেনেদৰে বাথৌ ধৰ্মই বড়োসকলৰ পৰিচয় বহন কৰি আহিছে ৷

আজি উদযাপন কৰা পবিত্ৰ বাথৌ দিবসত সমূহীয়াভাৱে প্ৰাৰ্থনাৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীৰ বাবে শান্তি কামনা কৰা বুলি মন্তব্য কৰে খাম্পা বৰগয়াৰীয়ে ৷ বাথৌ ছানশালী কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক মহিম বসুমতাৰীয়ে কয় যে বড়ো জনগোষ্ঠীয়ে আজিৰ দিনটোত অতি উলহ-মালহেৰে পবিত্ৰ বাথৌ দিৱস উদযাপন কৰে।

প্ৰতি বছৰৰ মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ দিবস উদযাপন কৰা হয় ৷ যোৱা কালিৰে পৰা আৰম্ভ হোৱা বাথৌ দিৱসৰ কালি এক লাখ বন্তি প্ৰজ্জ্বলন কৰি বিশ্ববাসীৰ কাৰনে শান্তি প্ৰাৰ্থনা কৰা বুলি জানিব দি সকলো ৰাইজকে বাথৌ দিৱসৰ শুভেচ্ছা জনায় ৷ উল্লেখ্য যে আজি বাথৌ দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অহাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ কাৰনে আহিব নোৱাৰিলে বুলি উল্লেখ কৰি শুভেচ্ছা বাণী প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে বাথৌ ছানশালী কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক মহিম বসুমতাৰীয়ে । 

kokrajhar