/asomiyapratidin/media/media_files/2024/12/15/1Qpla0rTCDo3jonxgzDh.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : ২০২২ৰ জুলাইত আকস্মিকভাৱে বিয়োগ ঘটা দিল্লী স্কুল অৱ ইকনমিক্সৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ, আই চি আই চি বেংকৰ উচ্চপদস্থ বিষয়া কৃষ্ণাশ্ৰী দেৱীৰ সোঁৱৰণত বটদ্ৰৱাৰ ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন সাংসদ তথা কৃষ্ণাশ্ৰী দেৱীৰ পিতৃ বিষ্ণু প্ৰসাদে আগবঢ়োৱা এটি আটকধুনীয়া ছাত্ৰী জিৰণি কোঠা মুকলি কৰা হয় ৷ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে নিজ হাতেৰে প্ৰয়াত জীয়াৰীৰ সোঁৱৰণত নিৰ্মাণ কৰা ছাত্ৰী জিৰণী কোঠাটো মুকলি কৰি আবেগিক হৈ পৰে ৷
এই উদ্দেশ্যে অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা কৃষ্ণ মহন্তই প্ৰাক্তন সাংসদগৰাকীয়ে নিজৰ জন্ম ঠাইৰ এখন প্ৰান্তীয় শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰীসকলৰ বাবে কৰা এনে আদৰ্শমূলক কামৰ বাবে শলাগ লয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত প্ৰয়াত কৃষ্ণাশ্ৰী দেৱীৰ ভাতৃ তথা দিল্লী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা অৰিজিৎ প্ৰসাদ, অধ্যক্ষ মুক্তি দাস, ছাত্ৰী জিৰণি কোঠাটো নিৰ্মাণ কাৰ্যৰ তত্বাৱধান কৰা অভিযন্তা চিন্ময় শইকীয়াকে ধৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।