/asomiyapratidin/media/media_files/2025/03/10/zHGjK0n1v4AcH8DklrzK.jpg)
ওদালগুৰিত 'হোলীগীত' প্ৰতিযোগিতা
ডিজিটেল সংবাদ,ওদালগুৰি : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু প্ৰীতমজ্যোতি দাসৰ পৰিয়ালবৰ্গৰ সহযোগত পঞ্চম বাৰ্ষিক হোলীগীত প্ৰতিযোগিতাখনি মঙ্গলবাৰে ওদালগুৰি মধ্য ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰ প্ৰাঙ্গণত আয়োজন কৰা হৈছে। আবেলি ৫ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই হোলীগীত প্ৰতিযোগিতা পুৰুষ-মহিলা উভয়ৰে বাবে পৃথকে অনুষ্ঠিত কৰা হৈছে।
প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰ নগদ ৭০০১ টকাসহ ট্ৰফী। একেদৰে দ্বিতীয় পুৰস্কাৰ নগদ ৫০০১ টকাসহ ট্ৰফীৰ লগতে শ্ৰেষ্ঠ পাঠক, শ্ৰেষ্ঠ পাঠিকা, শ্ৰেষ্ঠ ঢুলকী, শ্ৰেষ্ঠ খুঞ্জুৰীক নগদ ধনসহ ট্ৰফী প্ৰদান কৰা হ'ব বুলি উদ্যোক্তাই জনায়।
উক্ত অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিয়ে।