/asomiyapratidin/media/media_files/2025/03/14/p2VqI4vHi5htsuqLwhbM.jpg)
আবিৰৰ ৰঙেৰে মুখৰিত ৰাজ্য
ডিজিটেল ডেস্ক: পবিত্ৰ দৌল উৎসৱত আবিৰৰ ৰঙেৰে মুখৰিত হল সমগ্ৰ ৰাজ্য। ঠায়ে ঠায়ে প্ৰতিকূল বতৰৰ মাজতো দৌল উৎসৱ উদযাপন কৰিলে ৰাজ্যবাসীয়ে।
এইবাৰ মাজুলীৰ সত্ৰত ৪ দিনীয়াকৈ পালন কৰিছে দৌল উৎসৱ। মুখাশিল্পৰ বাবে বিখ্যাত নতুন চামগুৰি সত্ৰকে ধৰি মাজুলীৰ সত্ৰানুষ্ঠানত বৃহস্পতিবাৰৰ সন্ধিয়া অধিবাসেৰে মহোৎসৱৰ আৰম্ভ হয় । সত্ৰৰ ভকত-বৈষ্ণৱসকলে গায়ন-বায়ন, নাম-প্ৰসংগ কৰি নামঘৰৰ পৰা গোঁসাই উলিয়াই দৌলঘৰত দৌলগোবিন্দক প্ৰতিষ্ঠা কৰে। অধিবাস কাৰ্যসূচী আৰম্ভ হোৱা দৌল উৎসৱত বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ন কৰে। শুকুৰবাৰৰ পুৱাৰ পৰা নাম-প্ৰসংগ আৰু মহাপূজা আৰম্ভ হয়।
মাজুলীৰ ঐতিহাসিক গড়মূৰ সত্ৰসমূহত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে দৌল উৎসৱ উদযাপন হৈছে। ইয়াৰ উপৰিও ঐতিহাসিক , দক্ষিণপাট সত্ৰত দৌলগোবিন্দক ৰথত বহুৱাই হোলীগীত গাই পৰিভ্ৰমণ কৰে। দক্ষিণপাট, এলেঙি নৰসিংগ সত্ৰ বেঙেনাআটী,গড়মূৰ সত্ৰতো উদযাপন কৰিছে শ্ৰীশ্রীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ উদযাপন কৰিছে ।মাজুলীৰ সত্ৰসমূহত আধ্যাত্মিক ভাবে দৌল উৎসৱ সত্ৰসমূহত অনুষ্ঠিত হয় । বেঙেনাআটী সত্ৰত শুকুৰবাৰ আৰু শনিবাৰে চলিব মহাপূজা।
ৰাজ্যৰ সত্ৰসমূহৰ লগতে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত অনুষ্টুপীয়াকৈ দৌল উৎসৱ ফাগুৱা উৎসৱ পালন কৰা হয়৷ নামঘৰত আবিৰৰ ৰঙৰ পৰিবৰ্তে শৰাই নৈবদ্য আগবঢ়াই নামপ্ৰসঙ্গেৰে ফাগুৱা পালন কৰা হয়৷ এই নামলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম হয়৷
অসমৰ অন্যান্য প্ৰান্তৰ লগতে নামঘৰনগৰী খ্যাত জামুগুৰিহাটতো ফাকুৱা উপলক্ষে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷ জামুগুৰিহাটৰ পাঁচগাও ফাকুৱা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰা হয় দৌলযাত্ৰা উৎসৱ ৷ ডৌকাচাপৰি সত্ৰৰ পৰা পাঁচগাৱৰ ভকত তথা আইমাতৃ সকলে নাম গাই গোঁসাইক কান্ধত লৈ উলিয়াই আনি বাঁহবাৰী সত্ৰ আৰু ডৌকাচাপৰি গাঁৱৰ মধ্যস্থলত থকা দৌলত প্ৰতিষ্ঠা কৰা হয় ৷ ইয়াৰ পাছতে সকলো ৰাইজে নাম প্ৰসংগ অনুষ্ঠিত কৰি ইজনে সিজনক আৱিৰৰ ৰং সানি কৃষ্ণ বন্দনাৰে অঞ্চলটোৰ চৌপাস মুখৰিত কৰি তোলে ৷ দৌলযাত্ৰাৰ পাছত প্ৰতিষ্ঠা কৰা গোঁসাইক পুনৰ শনিবাৰে পাঁচগাৱৰ চৌদিশ ঘুৰাব ৷ ২০০ বছৰীয়া গৌৰৱোজ্জল ইতিহাস তথা পৰম্পৰাৰে সমৃদ্ধ এই দৌলোৎসৱ তথা ফাকুৱাত অঞ্চলটোৰ বাহিৰেও জিলাখনৰ বিভিন্ন লোকে অংশগ্ৰহন কৰা পৰিলক্ষিত হয়৷
হোলী উপলক্ষে হাটশিঙিমাৰী, মানকাচৰতো ব্যাপক উচাহ-উদ্দীপনা। চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰতো হিন্দু ধর্মৰ লোক সকলে এজনে আনজনক আবিৰ সানি উদযাপন কৰিলে হোলী আজি ৰঙৰ উৎসৱ হোলী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মানকাচৰ, হাটশিঙিমাৰী আৰু অসম মেঘালয় সীমান্তবৰ্তী শিঙিমাৰীতো ব্যাপক ভাবে আয়োজন কৰা হয় হোলী। মেঘালয়ৰ শিঙিমাৰীত হোলী নৃত্যৰে মুখৰিত হয় ভক্ত সকল। এজনে আনজনৰ শৰীৰত আবিৰ লগাই হোলী উদযাপন কৰা পৰিলক্ষি হয় মেঘালয়ত।
নদুৱাৰ অঞ্চলৰ গেলা হাটিঙা চাহবাগিছাৰ খেলপথাৰত আজি শ্ৰী শ্ৰী ৰাধা কৃষ্ণ মন্দিৰ সমিতি আৰু দৌল যাত্ৰা উদযাপন সমিতিৰ উদ্যোগত ৪৮ তম ফাকুৱা তথা হোলী উৎসৱ উযাপন কৰা হয়৷ এই ফাকুৱা উৎসৱ উপলক্ষে আয়োজিত অনুষ্ঠানৰ মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চাহমজদুৰ ভাই ভনী সকলৰ সৈতে অবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰে। ফাকুৱা উৎসৱৰ মাজত ইজনে সিজনক অবিৰৰ ৰঙ সানি আনন্দ উলাসত মতলিয়া হৈ পৰাৰ লগতে চাহ মজদুৰ যুৱক সকলে এক দু:সাহসীক ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰি কলহ ভঙা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷
একেদৰে আবিৰৰ ৰঙৰে ৰঙীন হৈ পৰিল সোণাপুৰৰ কচুতলি। সনাতনী সংস্কৃতিৰে জীপাল হল কচুতলিৰ সোণাপুৰ পথাৰ। অঞ্চলটোত শেহতীয়াভাৱে চলা উচ্ছেদ অভিযানৰ পিছত অঞ্চলটোৰ হিন্দু ধৰ্মাৱলম্বী লোকসকল সোণাপুৰ পথাৰত একত্ৰিত হৈ পৰম্পৰাগত দাণ্ডিয়া নৃত্যত অংশগ্ৰহণ কৰে । নৃত্যৰ তালে তালে ফাকু খেলি উলহ-মালহেৰে ৰঙৰ উৎসৱটি উদযাপন কৰা হয়।