হোজাই জিলা পৰিষদত কেলেংকাৰীৰ অভিযোগ সভানেত্ৰী,উপ-সভাপতিৰ

দুই শীৰ্ষ নেতাই কৰা অভিযোগক লৈ তোলপাৰ লাগিছে হোজাইত

author-image
Asomiya Pratidin
New Update
হোজাই জিলা পৰিষদত কেলেংকাৰীৰ অভিযোগ  সভানেত্ৰী,উপ-সভাপতিৰ

HOJAI ZILLA PARISHAD

ডিজিটেল সংবাদ,নগাঁওঃ হোজাই জিলা পৰিষদত কেলেংকাৰী ৷ পৰিষদৰ সভানেত্ৰী আৰু উপ সভাপতিয়ে আনিছে এই অভিযোগ ৷ পৰিষদৰ দুই শীৰ্ষ নেতাই কৰা অভিযোগক লৈ তোলপাৰ লাগিছে হোজাইত ৷

Advertisment

জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী আৰু উপ সভাপতি নুৰ মহম্মদে কেলেংকাৰীৰ ঘটনাৰ সন্দৰ্ভত জিলা উপায়ুক্ত অনুপম চৌধুৰীক লিখিত ভাৱে অৱগত কৰিছে লগতে প্ৰতিলিপি প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত সচিব আদি বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰন কৰিছে ৷

অভিযোগ মতে হোজাই জিলাৰ অন্তৰ্গত ৪ টাকৈ উন্নয়ন খণ্ডত কম্পিউটাৰ যোগানৰ নামত সংঘটিত হৈছে এই কেলেংকাৰী ৷ এই সম্পৰ্কত হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী আৰু উপ সভাপতি নুৰ মহম্মদে হোজাই জিলা উপায়ুক্তক এখন অভিযোগ পত্ৰ প্ৰদান কৰিছে।

অভিযোগ পত্ৰত উল্লেখ কৰা মতে এন এছ এ পি আঁচনিৰ নামত হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে ডেস্কটপ কম্পিউটাৰ-প্ৰিন্টাৰ ক্ৰয়ৰ নামত ৪ লাখ ৪৮ হাজাৰ টকাৰ মোকলাই দিছিল ৷

এই কম্পিউটাৰ সমূহ হোজাই জিলা পৰিষদৰ অন্তৰ্গত হোজাই, যোগীজান, লামডিং, ধলপুখুৰী, উদালী আৰু বিন্নাকান্দি উন্নয়ন খণ্ডলৈ যোগান ধৰা বুলি কাগজে-পত্ৰই দেখুওৱা হয় ৷ ইয়াৰ বাবে কোনো নিবিদা আহ্বান কৰা হোৱা নাছিল ৷

হোজাই জিলাৰ মোৰাঝাৰৰ চামৰালি বজাৰৰ “বেগম এন্টাৰপ্ৰাইজ“ নামৰ প্ৰতিষ্ঠানটোক কম্পিউটাৰ যোগানৰ ঠিকা প্ৰদান কৰা হৈছিল ৷ উপায়ুক্তৰ ওচৰত দাখিল কৰা অভিযোগ পত্ৰত বেগম এন্টাৰপ্ৰাইজে যোগান ধৰা বুলি দেখুওৱা কম্পিউটাৰৰ ব্ৰেণ্ড, কোম্পানী বা এইচ এছ এন ক'ড আদি উল্লেখ নাই।

অন্যহাতে আশ্ৰাফুল আমিন লস্কৰ নামৰ এজন ব্যক্তিয়ে এই সম্পৰ্কত ডবকা আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে ৷ য’ত অভিযোগ কৰা মতে কম্পিউটাৰ লাভ নকৰাকৈ কম্পিউটাৰ পোৱা বুলি যোগানকাৰীক প্ৰাপ্তি স্বীকাৰ কৰি দিয়া হৈছে ৷

ranoj pegu GOVT OF ASSAM